টাবাৰীত নিষিদ্ধ গো'মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষীৰ অভিযান
দলগাঁৱৰ নিকটৱৰ্তী বটাবাৰীত নিষিদ্ধ গো'মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষীৰ অভিযান।
টাবাৰীত নিষিদ্ধ গো'মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষীৰ অভিযান


দৰং, ০৭ ফেব্ৰুৱাৰী (হি.স.): দৰং জিলাৰ দলগাঁৱৰ নিকটৱৰ্তী বটাবাৰীত যোৱা কালি শুকুৰবাৰে নিশা নিষিদ্ধ গো'মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষীয়ে অভিযান চলায় । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা ভাতৰ হোটেলত পোৱা যায় নিষিদ্ধ গো মাংস।

দলগাঁৱৰ পৰা বেছিমাৰি অভিমুখী বটাবাৰীত ৰেহান (REHAN) হোটেল আৰু আল্লা ভৰচা (ALLAH BHOROSA) হোটেলত অভিযান চলাই পোৱা যায় নিষিদ্ধ গো' মাংস । দীর্ঘদিনৰ পৰাই হোটেল সমূহত ভাতৰ লগত বিক্ৰি কৰি আছিল নিষিদ্ধ গো মাংস । আৰক্ষীয়ে নিষিদ্ধ গো' মাংস উদ্ধাৰ কৰা লগতে ভৱিষ্যতে যাতে আৰু গো মাংস বিক্ৰী নকৰে তাৰ বাবে সতৰ্ক কৰি দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande