
বঙাইগাঁও, ০৭ ফেব্ৰুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীয়ে যোৱা কালি শুকুৰবাৰে নিশা ড্ৰাগছ বিৰোধী অভিযান চলায় । এই অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এজন ড্ৰাগছ ব্যৱসায়ী ।
গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ীজন ধুবুৰী জিলাৰ চাপৰৰ কাজিপাৰা ১ ম খণ্ডৰ ৰিয়াজুল ইছলাম বুলি পৰিচয় পোৱা গৈছে। যোগীঘোপাৰ ঔডুবীত আৰক্ষীৰ তালাচীত আটক কৰে ব্যৱসায়ীজনক । যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন তথ্যৰ ভিত্তিত কৰায়ত্ব কৰে ধৃত ড্ৰাগছ ব্যৱসায়ী জনক। আৰক্ষীৰ অভিযানত ১৩.৬ গ্ৰাম হেৰোইনৰ লগতে এএছ ১৯ পি ৯৩০০ নম্বৰৰ এখন স্কুটী আৰু এটা মোবাইল ফোন জব্দ কৰে । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ