বিশ্বনাথত ৰাইজে কৰায়ত্ত কৰিলে এটা গভাইত চোৰ
বিশ্বনাথত ৰাইজে কৰায়ত্ত কৰিলে এজন গভাইত চোৰক।
বিশ্বনাথত ৰাইজে কৰায়ত্ত কৰিলে এটা গভাইত চোৰ


বিশ্বনাথ, ০৬ ফেব্ৰুৱাৰী (হি.স.): এশ গৰু মাৰিলে বাঘৰ মৰন। এই কথাৰে প্ৰমান হল জয় কিশোৰ নামৰ এটা গভাইত চোৰৰ ক্ষেত্ৰত। এই চোৰটোৱে চাফাই অভিযানেৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বিশ্বনাথত। যোৱা কালি বৃহস্পতিবাৰে নিশাও জয় কিশোৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ তলা ভাঙি প্ৰবেশ কৰিছিল বিশ্বনাথৰ সুন্দৰপুৰৰ গাঁৱৰ ছাহিল আলি নামৰ লোকজনৰ ঘৰত। ঘৰ খনত চুৰি কাৰ্য চলাই থাকোতেই গম পালে কাষৰ মানুহে ।

লগে লগে চুবুৰীয়াই ঘৰ ঘেৰাও কৰি চোৰটোক ধৰিবলৈ যাওতেই চোৰ জয় কিশোৰে আক্ৰমন চলালে স্থানীয় লোকক।চোৰক ধৰিবলৈ অহা এজন লোকৰ হাতত কামুৰি সম্পূৰ্ণ দাঁত বহুয়াই দিয়ে। তথাপিও স্থানীয় লোকে চোৰটোক ধৰি এইদৰে বান্ধি খবৰ দিলে বিশ্বনাথ আৰক্ষীক। চোৰৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে এখন দা আৰু কেইবাটাও চাবি ।

ইতিমধ্যে আৰক্ষীয়ে চোৰটোক থানালৈ লৈ যায় আৰু অধিক সোধা-পোছা অব্যাহত ৰাখিছে । আনহাতে কালিও বিশ্বনাথৰ লেহুগাঁৱত এগৰাকী মহিলাই এজন লোকৰ ঘৰৰ পৰা সোণৰ গহণা চোৰ কৰি বিক্ৰী কৰাৰ খবৰ লাভ কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক। সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে ধৃত মহিলা গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande