
হাইলাকান্দি, ০৫ ফেব্ৰুৱাৰী (হি.স.): দামছৰা উচ্ছেদৰ ভুৱা ভিডিঅ’ বনাই চছিয়েল মিডিয়াত ভাইৰেল কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে এজন যুৱক । হাইলাকান্দি ৰামনাথপুৰ আৰক্ষী চকীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল খালিক বৰভুইয়া নামৰ যুৱকজনক । যোৱা ২ ফেব্ৰুৱাৰিৰ পৰা হাইলাকান্দি জিলাৰ দামছৰা ফৰেষ্ট ভিলেইজত আৰম্ভ হৈছিল উচ্ছেদ আৰু এই উচ্ছেদৰ ভুৱা ভিডিও বনাই চছিয়েল মিডিয়াত আপলোড কৰিছিল এই যুবকজনে ।
শান্তিপূৰ্ণ উচ্ছেদক অশান্তি কৰাৰ লক্ষে এই ভুৱা ভিডিঅ’ বনাই আপলোড কৰিছিল আৰু এই ভিডিও হাইলাকান্দি আৰক্ষীৰ চকুত পৰাৰ লগে লগে হাইলাকান্দি জিলাৰ ৰামনাথপুৰ আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰিছে । ৰামনাথপুৰ আৰক্ষী চকীয়ে ০৭/২৬ নম্বৰত এক গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰিছে । যোৱা কালি বুধবাৰে বিয়লি ৰামনাথপুৰ আৰক্ষীয়ে আদালত প্ৰেৰণ কৰে এই যুৱকজনক । আৰক্ষীয়ে ৫ দিনৰ বাবে আৰক্ষী জিম্মাত বিছাৰিছিল যদিও হাইলাকান্দি আদালতে দিয়া নাই আৰক্ষী জিম্মাত । জেললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে হাইলাকান্দি আদালতে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ