
ধুবুৰী, ০৫ ফেব্ৰুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জত যোৱা কালি বুধবাৰে নিশা চাৰিচকীয়া মালবাহী বাহন সহ পশুধন জব্দ কৰা হয়। গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এএছ ১৫ এফচি ৪৭৯৬ নম্বৰৰ চাৰিচকীয়া মালবাহী বাহন সহ ১২ টা গৰু জব্দ কৰা হয়। এই সন্দৰ্ভত আটক কৰা হয় দুজন সৰবৰাহকাৰীক ।
উল্লেখ্য যে চাৰিচকীয়া মালবাহী বাহন খনৰ ফলৰ কাৰ্টুনৰ তলৰ লুকুৱাই অনা হৈছিল পশুধন কেইটা। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা ভিতৰুৱা পথ হৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৌৰীপুৰ অভিমূখে গৈ আছিল বলে'ৰ পিকআপ খন । বাংলাদেশলৈ চোৰাং সৰবৰাহ কৰাৰ উদ্দেশ্যে নি থকা হৈছিল গৰু কেইটা । এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজোতি ৰায়ৰ নিৰ্দেশত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৌৰীপুৰ অভিমুখী তীব্ৰ বেগী চাৰিচকীয়া মালবাহী বাহনক আটক কৰে। পিছত তালাচী চলোৱাত বাহন খনত লৈ অনা ফলৰ কাৰ্টুনৰ তলৰ পৰা ১২ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে। লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বাংকু বাংকাৰ ছাইদুল ইচলাম আৰু টপেশ্বৰীৰ মান্নান আলী বুলি পৰিচয় পোৱা গৈছে। উল্লেখ্য যে বাহন খনৰ পৰা আৰক্ষীয়ে এমএল ০৪ ডি ৯৬৯২ নম্বৰৰ এখন নম্বৰ প্লেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ