ৰঙিয়াৰ উদিয়ানাত আকাশ ফাইনেঞ্চৰ ভুৱা এজেণ্ট আটক
ৰঙিয়াৰ উদিয়ানাত আকাশ ফাইনেঞ্চৰ ভুৱা এজেণ্টক আটক।
ৰঙিয়াৰ উদিয়ানাত আকাশ ফাইনেঞ্চৰ ভুৱা এজেণ্ট আটক


কামৰূপ, ০৫ ফেব্ৰুৱাৰী (হি.স.): ৰঙিয়াত ফাইনেন্স কোম্পানীৰ ভুৱা‌ এজেন্টৰ দপদপনি চলিব ধৰিছে । ৰঙিয়াৰ উদিয়ানাত যোৱা কালি বুধবাৰে সন্ধিয়া আকাশ ফাইনেঞ্চৰ ভুৱা এজেণ্ট এটাক আটক কৰা হয় । প্ৰৱঞ্চক বুলবুল হুছেইনে নিজেই স্বীকাৰ কৰিলে কিস্তিৰ ধন জমা নকৰাৰ কথা । নিজকে আকাশ ফাইনেঞ্চৰ এজেণ্ট বুলি বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি জমা দিয়া নাছিল প্ৰৱঞ্চক বুলবুল হুছেইনে ।

অভিযোগ অনুসৰি প্ৰৱঞ্চক বুলবুল হুছেইনে দুখীয়া চালক সকলক ভয় ভাবুকি দি দীৰ্ঘদিন ধৰি কৰি আহিছিল প্ৰৱঞ্চনা । বাহনৰ গৰাকীয়ে দিয়া কিস্তিৰ ধন জমা নকৰে কোম্পানীত। যোৱা কিছুদিন ধৰি ভয় ভাবুকি দি থকা ই-ৰিক্সাৰ গৰাকী ৰাণা আলীৰ ঘৰলৈ আহিছিল ৫০ হাজাৰ টকা নিবলৈ । আনহাতে প্ৰৱঞ্চক বুলবুল হুছেইনক দুমাহ পূৰ্বেই কোম্পানীৰ পৰা বাহিৰ কৰি দিয়া বুলি জানিবলৈ দিয়ে কোম্পানীৰ বিষয়ববীয়াই । অৱশেষত ৰাইজে আটক কৰি প্ৰৱঞ্চক বুলবুল হুছেইনক গতাই দিয়ে ৰঙিয়া আৰক্ষীক । কোম্পানীৰ পৰা উলাই দিয়াৰ পিছতো প্ৰৱঞ্চক বুলবুল হুছেইনে কেনেদৰে চলাই গৈছিল ঠগ তথা প্ৰৱঞ্চনা ই এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande