
নগাঁও, ০৪ ফেব্ৰুৱাৰী (হি.স.): নগাঁও জিলাৰ আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে অভিযান অব্য়াহত আছে। যোৱাকালি মঙলবাৰে সন্ধিয়া ৰূপহীহাটৰ আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান চলায় । অভিযানত ড্ৰাগছসহ আটক হয় এটা সৰবৰাহকাৰী।
আৰক্ষীয়ে কাছখাইটিত অভিযান চলাই ৩০ টা ড্ৰাগছ ভৰ্তি কণ্টেনাসহ এজনক আটক কৰে । ধৃত সৰবৰাহকাৰী জনৰ নাম ইজাহাৰ আলী বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৪.২৪ গ্ৰাম বুলি কোৱা হৈছে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী ইজাহাৰ আলীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ