
ডিব্ৰুগড়, ১৯ ফেব্ৰুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে খেদি খেদি চুৰি ছাগলীসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ বিৱৰণী অনুসৰি, ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে মৰাণৰ ফ'ৰলেন (ইএলএফ)ত যোৱা কালি বুধবাৰে বিয়লি নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন এএছ ০৬ জে ৭১০১ নম্বৰৰ বাহনক লৈ সন্দেহ হয় । আৰক্ষীক দেখাৰ লগে লগে বাহনখনে তীব্ৰ বেগেৰে পলায়ন কৰিবলৈ চেষ্টা কৰে।আৰক্ষীৰ দলটোৱে বাহনখনৰ পিছে পিছে খেদি যোৱাত খোৱাং জুইহালৰ ওচৰত বাহনখন এৰি তিনিজন লোক পলাই যাবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে বাহনখনৰ ভিতৰত মুখত টেপ লগোৱা অৱস্থাত ১২ জনী ছাগলী উদ্ধাৰ কৰে। আৰক্ষীয়ে বাহনখন আৰু ছাগলীকেইজনী মৰাণ থানালৈ লৈ আহে। ইতিমধ্যে, পশুপালন বিভাগৰ চিকিৎসকৰ দ্বাৰা ছাগলীকেইজনীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ