মঙ্গলদৈ মোৱামৰীয়া হৰি মন্দিৰত চুৰি কাণ্ড
দৰং, ১৮ ফেব্ৰুৱাৰী (হি.স.)। দৰং জিলাৰ মঙ্গলদৈ মোৱামৰীয়া হৰি মন্দিৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে । ঐতিহাসিক হৰি মন্দিৰৰ প্ৰনামিৰ বাকচ আৰু দান পাত্ৰ ভাঙি লৈ গ''ল লক্ষ্যাধিক ধন। খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় মঙ্গলদৈ আৰক্ষী। লগতে এই সন্দৰ্ভত তদন্ত অ
মঙ্গলদৈ মোৱামৰীয়া হৰি মন্দিৰত চুৰি কাণ্ড


দৰং, ১৮ ফেব্ৰুৱাৰী (হি.স.)। দৰং জিলাৰ মঙ্গলদৈ মোৱামৰীয়া হৰি মন্দিৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে । ঐতিহাসিক হৰি মন্দিৰৰ প্ৰনামিৰ বাকচ আৰু দান পাত্ৰ ভাঙি লৈ গ'ল লক্ষ্যাধিক ধন।

খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় মঙ্গলদৈ আৰক্ষী। লগতে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে এবছৰ পূৰ্বে এই মন্দিৰৰ পৰা চোৰে বহু পৰিমাণে ধন আৰু পুজাৰ সাজ বাচন চুৰি কৰি লৈ গৈছিল।

আৰক্ষীক আবেদন জনাইছিল যদিও আৰক্ষীয়ে কোনো লোকক ধৰিবলৈ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰে মন্দিৰৰ ৰাইজে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande