অভয়াপুৰীত আঠটা গৰু সহ এখন অবৈধ গাড়ী জব্দ
অভয়াপুৰীত আটক আঠটা গৰু সহ এখন অবৈধ গাড়ী।
অভয়াপুৰীত আঠটা গৰু সহ এখন অবৈধ গাড়ী জব্দ


বঙাইগাঁও, ১৮ ফেব্ৰুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ অভয়াপুৰীত আঠটা গৰু সহ এখন অবৈধ গাড়ী জব্দ কৰা হৈছে ।এই অবৈধ গৰু সৰবৰাহকৰা এএছ ১৫ এচি ৮৪২৩ নম্বৰৰ গাড়ীখন আটক কৰি আৰক্ষীক চমজাই দিয়ে বজৰংগ দলৰ এজন সদস্যই । ইয়াৰ পাছতে বজৰংগ দলৰ সভাপতিয়ে প্ৰহাৰ কৰে নিজ সমিতিৰ সদস্যজনক ।

ঘটনাটো সংঘটিত হৈছে যোৱা কালি মঙলবাৰে বিয়লি অভয়াপুৰীত । বঙাইগাঁও জিলাৰ বজৰংগ দলৰ এজন সদস্যই ৰাইজৰ সহযোগত অভয়াপুৰীত আটক কৰিছিল আঠটা গৰু সহ গাড়ী খন। অবৈধ গৰু সৰবৰাহ কৰা গাড়ীখন গতাই দিছিল অভয়াপুৰী থানাত। ইয়াতে খৰ্গহস্ত হৈ বজৰংগ দলৰ সদস্য প্ৰকাশ আৰ্য্যক প্ৰহাৰ কৰে নিজ জিলা সমিতিৰ সভাপতি গোবিন্দ পালে। সভাপতি গোবিন্দ পাল অবৈধ গৰু সৰবৰাহ চক্ৰৰ সৈতে জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী প্ৰকাশ আৰ্যই । যাৰ বাবে প্ৰহাৰ কৰিছে সভাপতি জনে। ঘটনা সন্দৰ্ভত ভুক্তভোগী প্ৰকাশ আৰ্যই বজৰংগ দলৰ নিজ জিলা সমিতিৰ সভাপতিৰ বিৰুদ্ধে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande