হাটশিঙিমাৰীৰ শান্তিপুৰত সুখচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
হাটশিঙিমাৰীৰ শান্তিপুৰত সুখচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
হাটশিঙিমাৰীৰ শান্তিপুৰত সুখচৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান


দক্ষিণ শালমাৰা মানকাচৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ শান্তিপুৰত যোৱা কালি সোমবাৰৰ সন্ধিয়া সুখচৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বুজন পৰিমাণে নিচাজাতীয় কফচিৰাপ। লগতে আটক কৰা হয় এটা অভিযূক্ত ড্ৰাগছ সৰবৰাহকাৰী ।

উল্লেখ্য যে সুখচৰ আৰক্ষীয়ে শান্তিপুৰ- হাটশিঙিমাৰী সংযোগী পথত নাকা চেকিং চলোৱা অৱস্থাত এখন বাইকেৰে এজন যূৱক কাৰ্টন লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে সোধা-পোচাত গেলামালৰ বস্তু বুলি কোৱাত আৰক্ষীৰ সন্দেহ হয় । ফলত আৰক্ষীয়ে তালাচী চলায় আৰু আৰক্ষীৰ তালাচীত যুৱকজনৰ কাৰ্টুনৰ পৰা ১৫০ টা নিচাজাতীয় কফচিৰাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ফলত আৰক্ষীয়ে যুৱক জনক আটক কৰাৰ লগতে নিচাজাতীয় কফচিৰাপ সৰবৰাহ কৰা এএছ ৩৪ ৮৭৭৫ নম্বৰৰ এখন ১২৫ চি চি পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা যূৱকজন মানকাচৰ থানা এলেকাৰ ব‌ইৰাগীপাৰা গাঁৱৰ নুৰুল হকৰ পুত্ৰ মিনাৰুল ইছলাম বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande