
কোকৰাঝাৰ, ১৫ ফেব্ৰুৱাৰী (হি.স.)। গোসাঁইগাঁৱৰ হাছৰাওবাৰীত সংগঠিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । ৫৬ বছৰীয়া চামচুল হকৰ কামনাৰ বলি হল ৭ বছৰীয়া কিশোৰী। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত হাছৰাওবাৰীত ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি আটক ৫৬ বছৰীয়া চামচুল হক নাম এগৰাকী লম্পট ।আজি পুৱা আনুমানিক ১০ বজাত চামচুল হক নামৰ এগৰাকী লম্পটে নাবালিকা ছোৱালীক ফুচুলাই নিজ গৃহত লৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
উত্তেজিত গাওঁবাসয়ে ভাঙি লণ্ড ভণ্ড কৰিলে ধৰ্ষণকাৰী চামচুল হকৰ গৃহ ।ঘটনস্থলীত কোকৰাঝাৰ জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আজিজা গুলেনুৰৰ লগতে গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰা আৰু সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কলিতা উপস্থিত হৈ দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ