
গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। উৎসৱকালীন ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে বিশেষ ৰে'ল চলাই ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ প্ৰতি থকা তাৰ দায়বদ্ধতা পুনৰবাৰ প্ৰদৰ্শন কৰিছে। এই বছৰ ভাৰতীয় ৰেলৱে ১৫০০ খন বিশেষ ৰে'ল চলোৱাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত গুৰুত্ব পূৰ্ণ পথ সমূহত অধিক সুগম আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত হ'ব। এই পূৰ্ব পৰিকল্পিত পৰিকল্পনাই উৎসৱ কালীন চাহিদা পূৰণ আৰু লাখলাখ যাত্ৰীক নিৰ্ভৰযোগ্য ভ্ৰমণ সুবিধা প্ৰদান কৰাৰ প্ৰতি থকা ভাৰতীয় ৰেলৱেৰ উৎসর্গীকৰণক প্ৰতিফলিত কৰিছে।
এই পদক্ষেপৰ সৈতে সংগতি ৰাখি আৰু হোলীউৎসৱৰ সময়ত বৃদ্ধি পোৱা যাত্ৰী চাহিদাপূৰণ কৰিবলৈ, উত্তৰ-পূব সীমান্তৰেলৱে এই মুহূৰ্তত চাৰি যোৰ (০৪) বিশেষ ৰে'ল চলোৱাৰ বাবে পৰিকল্পনা কৰিছে আৰু আগন্তুক দিনসমূহত আৰু অধিক ৰে’লৰ পৰিচালন ঘোষণা কৰিব। এই বিশেষ ৰে’ল সমূহ নাৰেঙ্গী–গোৰখপুৰ–নাৰেঙ্গী, কাটিহাৰ–অমৃতসৰ–কাটিহাৰ, ডিব্ৰুগড়–ঝাঞ্জাৰপুৰ–ডিব্ৰুগড় আৰু ডিব্ৰুগড়–কলকাতা–ডিব্ৰুগড় ৰে'লপথত চলাচল কৰিব।
বিশেষ ৰে’ল নং ০৫৬৩৩ (নাৰেঙ্গী–গোৰখপুৰ) ৰে'লখন ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৬ মাৰ্চ ২০২৬ লৈ প্ৰতি বৃহস্পতিবাৰে চলাচল কৰিব। এই ৰে’লখন নাৰেঙ্গীৰ পৰা ১৩:২০ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৩:০০ বজাত গোৰখপুৰত গৈ উপস্থিত হ'ব। একেদৰে, বিশেষ ৰে’ল নং ০৫৬৩৪ (গোৰখপুৰ–নাৰেঙ্গী) ৰেলখন ২০ ফেব্ৰুৱাৰীৰ পৰা ২৭ মাৰ্চ ২০২৬ লৈ প্ৰতি শুক্ৰবাৰে চলাচল কৰিব। এই ৰে’লখন গোৰখপুৰৰ পৰা ১৬:৫৫ বজাত যাত্ৰা আৰম্ভ কৰি পিছ দিনা ২১:৪০ বজাত নাৰেঙ্গী আহি পাব। উভয় ৰে'ল মুঠ ০৬ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
বিশেষ ৰে’ল নং ০৫৭৩৬(কাটিহাৰ–অমৃতসৰ) ৰে'লখন ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৫ মাৰ্চ ২০২৬ লৈ প্ৰতি বুধবাৰে চলাচল কৰিব। এই ৰে'লখন কাটিহাৰৰ পৰা ২১:০০ বজাত যাত্ৰা আৰম্ভ কৰি শুক্ৰবাৰে ০৯:৪৫ বজাত অমৃত সৰত গৈ উপস্থিত হ'ব। একেদৰে, বিশেষ ৰে’ল নং০৫৭৩৫ (অমৃতসৰ–কাটিহাৰ) ৰেলখন ২০ ফেব্ৰুৱাৰী পৰা ২৭ মাৰ্চ ২০২৬ লৈ প্ৰতি শুক্ৰবাৰে চলাচল কৰিব। এই ৰে’লখন অমৃতসৰৰ পৰা ১৩:২৫ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা ২৩:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ'ব। উভয় ৰে'ল মুঠ ০৬ টা ট্ৰিপ চলাচল কৰিব। বিশেষ ৰে’লনং ০৫৯৭৪ (ডিব্ৰুগড়–ঝাঞ্জাৰপুৰ) ৰে'লখন ১৭ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চ ২০২৬ লৈ প্ৰতি মঙলবাৰে চলাচল কৰিব। এই ৰে’লখন ডিব্ৰুগড়ৰ পৰা ০৫:২০ বজাত যাত্ৰা আৰম্ভ কৰি পিছ দিনা ১১:৩০ বজাত ঝাঞ্জাৰপুৰত গৈ উপস্থিত হব।
একেদৰে, বিশেষ ৰে’ল নং ০৫৯৭৩ (ঝাঞ্জাৰপুৰ–ডিব্ৰুগড়) ৰে'ল খন ১৮ ফেব্ৰুৱাৰীৰ পৰা ১ এপ্ৰিল ২০২৬ লৈ প্ৰতি বুধবাৰে চলাচল কৰিব। এই ৰে’লখন ঝাঞ্জাৰপুৰৰ পৰা ১৩:০০ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা ২০:২০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ'ব । উভয় ৰে'ল মুঠ ০৭ টা ট্ৰিপৰ বাবে চলাচল কৰিব। বিশেষ ৰে'ল নং ০৫৯৩২ (ডিব্ৰুগড়–কলকাতা) ৰে'ল খন ২১ ফেব্ৰুৱাৰী পৰা ৭ মাৰ্চ ২০২৬লৈ প্ৰতি শনিবাৰে চলাচল কৰিব । এই ৰে'লখন ডিব্ৰুগড়ৰ পৰা ১৭:০০ বজাত যাত্ৰা আৰম্ভ কৰি সোমবাৰে ০০:৩০ বজাত কলকাতাত গৈ উপস্থিত হ'ব । একেদৰে, বিশেষ ৰে’ল নং ০৫৯৩১ (কলকাতা–ডিব্ৰুগড়) ৰেলখন ২৩ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চ ২০২৬ লৈ প্ৰতি সোমবাৰে চলাচল কৰিব । এই ৰে’লখন কলকাতাৰ পৰা ০২:৩০ বজাত যাত্ৰা আৰম্ভ কৰি পিছ দিনা ০৬:৩০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ'ব । উভয় ৰে'ল মুঠ ০৩ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
উৎসৱৰ ভিৰৰ সময়ত এই ৰে'ল সেৱাই গুৰুত্বপূৰ্ণ গন্তব্যস্থান সমূহ সংযোগ কৰাৰ লগতে নিয়মীয়া ৰে'লসেৱা সমূহত হোৱা ভিৰ হ্ৰাস কৰিব, যাতে যাত্ৰী সকলে সুৰক্ষিত, সুবিধাজনক আৰু সময়মতে নিজৰ পৰিয়ালৰ সৈতে হোলী উৎসৱ উদযাপন কৰিব পাৰে। এই ৰে'লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিস্তৃত বিৱৰণ অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী