গুৱাহাটী মহানগৰীৰ  লাচিতঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ
গুৱাহাটী, ২৮ নৱেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীৰ মাছখোৱাৰ লাচিতঘাটত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ। ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়। খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হই ফাঁছী বজাৰ
গুৱাহাটী মহানগৰীৰ  লাচিতঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ


গুৱাহাটী, ২৮ নৱেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীৰ মাছখোৱাৰ লাচিতঘাটত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ। ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয়। খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হই ফাঁছী বজাৰ আৰক্ষীৰ এটা দল।

আৰক্ষীৰ দলটোৱে মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (জিএমচিএইছ)লৈ প্ৰেৰণ কৰে।বৰ্তমান আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত লোকজনৰ মৃত্য়ু কি কাৰণে হৈছে সেইটো স্পষ্ট হব বুলি সংবাদ মাধ্য়মক আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়া গৰাকী অবগত কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande