জিৰিবাম–ইম্ফল নতুন ৰে’লপথ প্ৰকল্পৰ খোংছাং–আৱাংখুল খণ্ডত ৰে’লৱে সুৰক্ষা আয়ুক্তৰ পৰিদৰ্শন আৰম্ভ
গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত চক্ৰৰ ৰে’লৱে সুৰক্ষা আয়ুক্তই (চিআৰএছ) আজিৰ পৰা মণিপুৰৰ নৱনিৰ্মিত ৮.৯৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ খোংছাং–আৱাংখুল ব্ৰডগজ ৰে’লপথ অংশৰ দুদিনীয়া বিধিসন্মত সুৰক্ষা পৰিদৰ্শন আৰম্ভ কৰে। এই ৰে’লপথ খণ্ডটো উত্তৰ-পূব
জিৰিবাম–ইম্ফল নতুন ৰে’লপথ প্ৰকল্পৰ খোংছাং–আৱাংখুল খণ্ডত ৰে’লৱে সুৰক্ষা আয়ুক্তৰ পৰিদৰ্শন আৰম্ভ


গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত চক্ৰৰ ৰে’লৱে সুৰক্ষা আয়ুক্তই (চিআৰএছ) আজিৰ পৰা মণিপুৰৰ নৱনিৰ্মিত ৮.৯৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ খোংছাং–আৱাংখুল ব্ৰডগজ ৰে’লপথ অংশৰ দুদিনীয়া বিধিসন্মত সুৰক্ষা পৰিদৰ্শন আৰম্ভ কৰে। এই ৰে’লপথ খণ্ডটো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত আৰু জিৰিবাম–ইম্ফল নতুন ব্ৰডগজ ৰে’লপথ প্ৰকল্পৰে এটা অংশ।

যাত্ৰী আৰু মালবাহী ৰে’ল চলাচলৰ বাবে মুকলি কৰাৰ পূৰ্বে এই খণ্ডটোৰ প্ৰস্তুতি পৰ্বৰ স্থিতি মূল্যায়ন কৰাই হৈছে এই পৰিদৰ্শনৰ মুখ্য উদ্দেশ্য। প্ৰথম দিনা ৰে’লৱে সুৰক্ষা আয়ুক্তই এখন বিশেষ ৰে’লযোগে খোংছাং ৰে’ল ষ্টেচনৰ পৰা সুৰংগ নং ২৪ লৈকে ৰে’লপথছোৱা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত উক্ত অংশত নতুনকৈ স্থাপন কৰা ৰে’লপথ আৰু এই ৰেলপথৰ আনুষংগিক ৰে’লৱে আন্তঃগাঁথনিসমূহৰ নিৰীক্ষণ সামৰি লোৱা হয়। ইয়াৰ জৰিয়তে দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম পৰ্যায় সম্পন্ন হয়।

২৯ নৱেম্বৰত ৰে’লৱে সুৰক্ষা আয়ুক্তই সুৰংগ নং ২৪ ৰ পৰা পুনৰ পৰিদৰ্শন আৰম্ভ কৰি আৱাংখুল ৰে’ল ষ্টেচনলৈকে বাকী অংশ চোৱাৰ নিৰীক্ষণ সম্পন্ন কৰিব। ইয়াৰ পিছতে নতুনকৈ স্থাপন কৰা ৰে’লপথত এখন উচ্চ গতিবেগৰ সৈতে পৰীক্ষামূলক ৰে’ল চলোৱা হ’ব আৰু ইয়াৰ পিছতে এই ৰেলপথৰ সূৰক্ষা মূল্যায়নৰ অংশ হিচাপে এই পৰীক্ষামূলক নিৰীক্ষণৰ সময়ত ৰে’লখনৰ চলাচলৰ গতিবিধি আৰু গতিশীলতা পৰ্যবেক্ষণ কৰিবলৈ এটা যান্ত্ৰিক পৰ্যবেক্ষণ ডবা ব্যৱহাৰ কৰা হ’ব।

১১০.৬২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম–ইম্ফল প্ৰকল্পটো মণিপুৰৰ ৰাজধানী চহৰখনক ৰাষ্ট্ৰীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ উদ্দেশ্যে কেইবাটাও পৰ্যায়ত বিকশিত কৰা হৈছে। প্ৰথম দুটা পৰ্যায়ত জিৰিবামৰ পৰা খোংছাংলৈকে ৰে’লপথ মুকলি কৰা হয় আৰু বৰ্তমান পৰিদৰ্শনৰ অধীনত থকা খণ্ডটো বিধিবদ্ধসন্মত অনুমোদন সাপেক্ষে মুকলি হ’লে ৰে’লপথটো আৱাংখুললৈকে সম্প্ৰসাৰিত কৰা হ’ব। পাহাৰীয়া ভূখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা এই ৰে’লপথত ১১টা ষ্টেচন, মুঠ ৬৬.৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫৪টা সুৰংগ, ১৫খন বৃহৎ সেতু আৰু ১১৬ খন সৰু সেতু আছে। এই প্ৰকল্পৰ অন্যতম উল্লেখযোগ্য আন্তঃগাঁথনি হৈছে ননীৰ সেতু নং ১৬৪, যাৰ এটা খুঁটাৰ উচ্চতা হৈছে ১৪১ মিটাৰ।

ৰে’লৱে সুৰক্ষা আয়ুক্তৰ অনুমোদন সাপেক্ষে জিৰিবাম–ইম্ফল নতুন ৰে’লপথৰ সপ্তমটো ষ্টেচন আৱাংখুল ৰে’ল চলাচলৰ বাবে মুকলি কৰা হ’ব। ইয়াৰ ফলত খোংছাঙৰ পৰা অধিক দূৰৈত ৰে’ল চলাচলৰ পৰিসৰ সম্প্ৰসাৰিত হ’ব আৰু মণিপুৰৰ ৰাজধানী ইম্ফলক পোনপটীয়া ৰে’ল সংযোগ প্ৰদান কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব পৰা হ’ব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande