লামডিং- বদৰপুৰ ৰেল লাইনত মালবাহী ৰেলৰ ডবা লাইন চ্যুত,ৰেল চলাচল ব্যাহত
গুৱাহাটী, ২৮ নৱেম্বৰ, (হি.স.)। এন এফ ৰেলৱেৰ লামডিং সংমণ্ডলৰ অন্তৰ্গত লামডিং–বদৰপুৰ সংযোগী ৰেল লাইনৰ পাহাৰীয়া অংশত নিশা বান্দৰখাল আৰু ডামচেৰা ষ্টেচনৰ মাজত চলি থকা এখন মালবাহী ৰেলৰ ডবাৰ চকা ৰেলপথৰ পৰা ওলাই যোৱাৰ পৰিপ্ৰেক্ষিতত ৰেলৰ চলাচল ব্যাহত হয়।

এন এফ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই উল্লেখ কৰা অনুসৰি আৱদ্ধ যাত্ৰী সকলৰ বাবে বিভিন্ন ষ্টেচনত হেল্প ডেস্ক মুকলি কৰাৰ লগতে টিকট ঘূৰাই দিয়াৰ ব্যৱস্থাও কৰা হয়। যাত্ৰী সকলক খাদ্যৰ পেকেট, পানীৰ বটল আদিও যোগান ধৰা হয়।

তদুপৰি ৰেল চলাচল বাতিল হোৱাৰ বাবে চাইৰাঙলৈ গৈ লামডিং ষ্টেচনত আবদ্ধ হৈ থকা প্ৰায় ১৯৪টা বিদ্যালয়ৰ ল’ৰা-ছোৱালীকো নিশাৰ আহাৰ, ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ আহাৰ যোগান ধৰা হয় আৰু তেওঁলোকৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰি শিলচৰলৈ লৈ যোৱা হৈছে। শিলচৰৰ পৰা তেওঁলোকে ছাইৰাংলৈকে যাত্ৰাৰ বাবে বিশেষ ৰেলত উঠিব।

পুনৰুদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে, অৱশ্যে পাহাৰীয়া অঞ্চলৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰুদ্ধাৰৰ কামত কিছু সময় লাগিব পাৰে।সেয়েহে তলত উল্লেখিত ৰেল সমূহ সাময়িক ভাবে বাতিল কৰা হৈছে। ২৮ নৱেম্বৰ তাৰিখৰ ১২৫০৪ আগৰতলা – এছএমবিভি এক্সপ্ৰেছ, ১৫৬১৬ শিলচৰ – গুৱাহাটী এক্সপ্ৰেছ,১৫৬২৬ আগৰতলা –দেওঘৰ এক্সপ্ৰেছ, ১৫৬৪১ শিলচৰ –নতুন তিনিচুকীয়া এক্সপ্ৰেছ,১৫৬১০ চাইৰাং – গুৱাহাটী এক্সপ্ৰেছ, ১৫৬১১ ৰঙিয়া –শিলচৰ এক্সপ্ৰেছ

১৫৬৫০ নৰঙী –আগৰতলা এক্সপ্ৰেছ, ১৫৬৪৯ আগৰতলা –নাৰংগী এক্সপ্ৰেছ,

১৫৬১২ শিলচৰ - ৰঙিয়া এক্সপ্ৰেছ ১৫৬১৭ গুৱাহাটী –দুলবচেৰা এক্সপ্ৰেছ, ১৫৬১৫ গুৱাহাটী –শিলচৰ এক্সপ্ৰেছ,বাতিল কৰা হৈছে। ১৫৬৫০ নৰঙী –আগৰতলা এক্সপ্ৰেছ,১৫৬০৯ গুৱাহাটী –চৈৰাং এক্সপ্ৰেছ ,১৫৬৪২ নতুন তিনিচুকীয়া – ২৯.১১.২৬ তাৰিখৰ শিলচৰ এক্সপ্ৰেছ, ১৫৬১৮ দুলাবচেৰা - গুৱাহাটী এক্সপ্ৰেছ বাতিল কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ

 rajesh pande