সোণাপুৰস্থিত প্ৰথম বাহিনী সশস্ত্ৰ সীমা বলৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান অনুষ্ঠিত
গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। সোণাপুৰস্থিত প্ৰথম বাহিনী সশস্ত্ৰ সীমা বলৰ উদ্যোগত স্বচ্ছতা পষেকৰ অধীনত আজি স্বচ্ছ ভাৰত অভিযান অনুষ্ঠিত কৰা হয় । প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰৰ উপ-কমাণ্ডেণ্ট/কাৰ্যবাহী কমাণ্ডেণ্ট, বীৰেন্দ্ৰ সিং মেহৰাৰ মাৰ্গ
প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান অনুষ্ঠিত


গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। সোণাপুৰস্থিত প্ৰথম বাহিনী সশস্ত্ৰ সীমা বলৰ উদ্যোগত স্বচ্ছতা পষেকৰ অধীনত আজি স্বচ্ছ ভাৰত অভিযান অনুষ্ঠিত কৰা হয় । প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰৰ উপ-কমাণ্ডেণ্ট/কাৰ্যবাহী কমাণ্ডেণ্ট, বীৰেন্দ্ৰ সিং মেহৰাৰ মাৰ্গদৰ্শনত সোণাপুৰস্থিত মিনি ষ্টেডিয়ামত এই স্বচ্ছ ভাৰত অভিযানৰ আয়োজন কৰা হয়।

উক্ত কাৰ্যসূচীত সশস্ত্ৰ সীমা বলৰ ১০ গৰাকী জোৱান আৰু ২৫ গৰাকী সাধাৰণ নাগৰিকসহ মুঠ ৩৫ গৰাকী ব্যক্তিয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ সময়ছোৱাত মিনি ষ্টেডিয়ামৰ চৌহদ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলোৱা হয়। লগতে উপস্থিত লোকসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা কৰা আৰু নিজৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ বিষয়ে সজাগ কৰা হয়।

এই অভিযানৰ মূল উদ্দেশ্য আছিল সাধাৰণ ৰাইজৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু এখন পৰিষ্কাৰ তথা স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণক উৎসাহিত কৰা।

উল্লেখ্য় যে প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰে এখন পৰিষ্কাৰ, সুস্থ আৰু স্বাস্থ্যকৰ সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে এনে জনকল্যাণমূলক কাৰ্যসূচী নিৰন্তৰভাৱে অনুষ্ঠিত কৰি আহিছে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande