
গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পুনৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। মোদী-শ্বাহে অনা সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কখন দেশৰ দক্ষিণ, উত্তৰ-পূব অথবা পূব ভাৰতৰ লগতে দেশৰ কোনো অঞ্চলৰ স্বাৰ্থৰ অনুকূল নহয় বুলি মন্তব্য কৰি তেওঁ অভিযোগ কৰে যে সম্প্ৰতি হতাশগ্ৰস্ত হৈ পৰা বিজেপিয়ে ২০২৯ চনৰ লোকসভা নিৰ্বাচনত জয়লাভৰ বাবে ইয়াক অন্তিম প্ৰচেষ্টা হিচাপে গ্ৰহণ কৰিছে।
সামাজিক মাধ্যম এক্সত কৰা পোষ্টত গগৈয়ে আজি কয় যে বিজেপিক নতুনকৈ ৰাজনৈতিক মিত্ৰ বুলি ভবা দলসমূহে বিহাৰ, মহাৰাষ্ট্ৰ আৰু অসমত বিজেপিয়ে নিজৰ পুৰণি মিত্ৰ দলসমূহৰ সৈতে কৰা আচৰণলৈ লক্ষ্য কৰা উচিত ।
আন এটা পোষ্টত সাংসদগৰাকীয়ে সমষ্টি বৃদ্ধিৰ অনুপাতৰ গাণিতিক ধাৰণা আৰু সংসদৰ ভিতৰত ইয়াৰ ৰাজনৈতিক বাস্তৱতাৰ মাজত পাৰ্থক্য থকাৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, প্ৰতিখন ৰাজ্যতে ৫০ শতাংশকৈ আসন বৃদ্ধি কৰিলেও সংসদৰ ভিতৰত তাৰ ৰাজনৈতিক প্ৰভাৱ একে নহ'ব । উদাহৰণ হিচাপে তেওঁ বৰ্তমান অসমত ১৪খন আৰু উত্তৰ প্ৰদেশত ৮০খন লোকসভাৰ আসন থকাৰ কথা উল্লেখ কৰি দুয়োখন ৰাজ্যৰ মাজত ৬৬খন আসনৰ ব্যৱধান থকা বুলি আঙুলিয়াই দিয়ে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমত আসনৰ সংখ্যা ২১ খন হ'ব বুলিও তেওঁ উল্লেখ কৰে।
ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক 'মোদী-শ্বাহৰ সমষ্টি পুনৰ নিৰ্ধাৰণ ২.০' বুলি অভিহিত কৰি গৌৰৱ গগৈয়ে দেশৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ অভিযোগ অনুসৰি, নিৰ্বাচন আয়োগৰ সহায়ত ৰাজনৈতিক দলসমূহ বিভাজন কৰা আৰু আন দলসমূহক ইডিৰ তদন্তৰ ভাবুকি প্ৰদানৰ পিছতহে এই প্ৰক্ৰিয়া আগবাঢ়িছে। প্ৰতিষ্ঠানসমূহ আপোচকামী হৈ পৰা আৰু ন্যায় ব্যৱস্থাই নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও তেওঁ মন্তব্য কৰে।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱক লৈ দেশৰ ৰাজনৈতিক মহলত বিতৰ্ক অব্যাহত থকাৰ মাজতে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী