নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠান
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমীয়াৰ সাংস্কৃতিক ঐতিহ্যক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠাৰ এক ঐতিহাসিক পদক্ষেপ- ৰাজ্যিক বিজেপি গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম
বিজেপিৰ ল'গ'


মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমীয়াৰ সাংস্কৃতিক ঐতিহ্যক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠাৰ এক ঐতিহাসিক পদক্ষেপ- ৰাজ্যিক বিজেপি

গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠান কাইলৈ, ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই ঐতিহাসিক কাৰ্যসূচীয়ে সুধাকণ্ঠৰ কালজয়ী সৃষ্টি, মানৱতাবাদী দৰ্শন আৰু অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত নতুন মৰ্যাদা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগ, দূৰদৰ্শী পৰিকল্পনা আৰু সক্ৰিয় নেতৃত্বত অসম চৰকাৰে জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানক এক ঐতিহাসিক সাংস্কৃতিক মহোৎসৱ হিচাপে গঢ়ি তুলিছে।

অসমৰ এগৰাকী বিশ্ববন্দিত সাংস্কৃতিক মহীৰূহক দেশৰ ৰাজধানীত এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰাটো মুখ্যমন্ত্ৰীগৰাকীৰ অসমীয়া জাতীয় সত্তা, ঐতিহ্য আৰু সাংস্কৃতিক গৌৰৱক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতিৰ এক উল্লেখযোগ্য নিদৰ্শন।

এই অনুষ্ঠানৰ অন্যতম বিশেষ আকৰ্ষণ হ’ব ড° ভূপেন হাজৰিকাৰ নামত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত ৰাষ্ট্ৰীয় বঁটা প্ৰদান। প্ৰথমগৰাকী বঁটাপ্ৰাপক হিচাপে বিশিষ্ট কণ্ঠশিল্পী ঊষা মংগেশকাৰক নিৰ্বাচিত কৰা হৈছে। বঁটাৰ সৈতে প্ৰশস্তি পত্ৰ আৰু ১০ লাখ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। ই সুধাকণ্ঠৰ সৃষ্টিশীল অৱদানক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ এক তাৎপৰ্যপূৰ্ণ পদক্ষেপ। অনুষ্ঠানত অসমৰ প্ৰায় ১,০০০ গায়ক-গায়িকাই ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat, Brother’ শীৰ্ষক কালজয়ী গীত দুটা পৰিৱেশন কৰি মানৱতা আৰু বিশ্বভ্ৰাতৃত্বৰ অমৰ বাৰ্তা প্ৰতিধ্বনিত কৰিব। লগতে দেশৰ বিশিষ্ট শিল্পীসকলৰ সাংস্কৃতিক পৰিৱেশন আৰু বিশেষ প্ৰদৰ্শনীৰে সুধাকণ্ঠৰ জীৱন, সৃষ্টি আৰু অৱদানক স্মৰণ কৰা হ’ব। প্ৰায় ৫,০০০ অতিথি আৰু অনুৰাগীৰ সমাগমে অনুষ্ঠানটোক এক বৰ্ণাঢ্য ৰূপ প্ৰদান কৰিব। ইতিমধ্যে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক দল-সংগঠন আৰু দলীয় কাৰ্যকৰ্তাকে ধৰি প্ৰায় ১,৪০০ প্ৰতিনিধি নতুন দিল্লীলৈ ৰাওনা হৈছে। এই ব্যাপক জনসমাগমে সুধাকণ্ঠৰ প্ৰতি অসমৰ জনসাধাৰণৰ অকৃত্ৰিম শ্ৰদ্ধা আৰু আৱেগক প্ৰতিফলিত কৰিছে। ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে।

ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট উমি ডেকা বৰুৱাই এই সন্দৰ্ভত কয় যে এগৰাকী প্রথিতযশা সাহিত্যিক, সাংবাদিক, চলচিত্ৰ পৰিচালক, অধ্যাপক, গৱেষক আৰু এগৰাকী ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ ৰাজনীতিক অসমৰ সমাজ জীৱনৰ প্ৰতিটো স্পৰ্শকাতৰ বিষয়ৰ সৈতে নিজক সক্রিয়ভাৱে সংপৃক্ত কৰি অহা সেইগৰাকী মহান শিল্পীক যথাযথ সম্মান জনাবলৈ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। যোৱা বছৰৰ ৮ ছেপ্টেম্বৰৰ পৰা কিংবদন্তি শিল্পীগৰাকীৰ জন্ম শতবর্ষ উদযাপিত হৈছে। অসম চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত শতবর্ষ উদযাপন সমিতিৰ উদ্যোগত বছৰজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বিভিন্ন কাৰ্যসূচী ৰূপায়িত কৰিছে। তেখেতৰ জীৱনাদর্শ, সংগীত, সাহিত্য, সংস্কৃতি আৰু মানৱতাবাদী চিন্তাধাৰাক পৰৱৰ্তী প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে চৰকাৰে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে।

বিগত বৰ্ষৰ ১৩ ছেপ্টেম্বৰত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসী ৰাইজক সম্বোধন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত ১,২০০ গৰাকী শিল্পীয়ে অসমীয়া, বঙালী, হিন্দী আৰু ইংৰাজী ভাষাত ড০ ভূপেন হাজৰিকাৰ ১৪ টা অমৰ গান একত্ৰ কৰি ১৮ মিনিট জোৰা সংগীত-অৰ্পণৰ যি অমূল্য প্রদর্শন দাঙি ধৰে। উক্ত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সাহিত্য অকাডেমী বঁটা প্রাপক ৰাজ্যৰ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা সুধাকণ্ঠৰ জীৱনী ‘ভাৰতৰত্ন’ ভূপেন হাজৰিকা-গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ’ উন্মোচন কৰে। অসমীয়া ভাষাৰ মূল জীৱনীখন ভাৰতবৰ্ষৰ সংবিধানপ্রদত্ত আন ২১ টা চৰকাৰী ভাষাটো অনুবাদ কৰাৰ পদক্ষেপ লোৱা হয়।

অসম চৰকাৰৰ উদ্যোগত আয়োজিত শতবৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ড০ ভূপেন হাজৰিকা সংগ্ৰহালয় নির্মাণ, ড০ ভূপেন হাজৰিকাৰ জীৱনী প্রকাশ, ১০০ ফুট উচ্চতাৰ প্ৰতিমূর্তি নির্মাণ, প্রতিখন চহৰত ড০ হাজৰিকাৰ নামৰে পথ উৎসর্গা, বিহু উদযাপনত বিশেষ পদক্ষেপ, কলিকতাত তেওঁৰ বাসগৃহ সংৰক্ষণ, পৰিৱেশ্য কলা বিভাগ স্থাপনৰ পদক্ষেপ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰৱৰ্তন আৰু বিশেষ তথ্যচিত্র নির্মাণ আদি গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা হয়। অসমে সুদীর্ঘ এবছৰজোৰা জন্ম শতবর্ষ উদযাপনৰ সামৰণিৰ বাবে সাজু হোৱাৰ এই ক্ষণত চৰকাৰৰ লক্ষ্য হৈছে সুধাকণ্ঠৰ কালজয়ী অৱদানৰ প্ৰতি এক উপযুক্ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা। সংগীত, সাহিত্য, চলচ্চিত্ৰ আৰু সমাজ জীৱনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনন্য অবদানে প্রজন্মৰ পিছত প্ৰজন্মক অনুপ্রাণিত কৰি আহিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত অসম চৰকাৰৰ এই প্ৰয়াস কেৱল জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি নহয়, ই অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়, ঐতিহ্য আৰু আত্মগৌৰৱক ৰাষ্ট্ৰীয় পৰিসৰত অধিক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ এক গৌৰৱোজ্জ্বল অধ্যায়। সুধাকণ্ঠৰ সৃষ্টিৰ মাজেৰে মানৱতা, সমন্বয় আৰু বিশ্বভ্ৰাতৃত্বৰ যি চিৰন্তন বাণী প্ৰবাহিত হৈ আহিছে, সেই বাণী অনাগত প্ৰজন্মৰ মাজলৈ লৈ যোৱাই এই মহৎ আয়োজনৰ প্ৰকৃত সাৰ্থকতা। সুধাকণ্ঠৰ সুৰ চিৰকালীন, তেওঁৰ সৃষ্টি চিৰযুগমীয়া, এই সাংস্কৃতিক উত্তৰাধিকাৰেই অসমক যুগে যুগে গৌৰৱান্বিত কৰি ৰাখিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande