আগমনিৰ গৰেৰহাট বজাৰত গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক
ধুবুৰী, ২৮ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ আগমনীৰ গৰেৰহাট বজাৰত যোৱা কালি শুকুৰবাৰে সন্ধিয়া গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰা হয় । মটৰ চাইকলৰে পশ্চিমবংগৰ পৰা গাঞ্জা সৰবৰাহ কৰোতে ধৰা পৰে লোকজন। জানিব পৰা মতে এএছ ১৬ এন ৭৬৬৯ নম্বৰৰ মটৰ চাইকেল খনৰে পশ
আগমনিৰ গৰেৰহাট বজাৰত গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক


ধুবুৰী, ২৮ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ আগমনীৰ গৰেৰহাট বজাৰত যোৱা কালি শুকুৰবাৰে সন্ধিয়া গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰা হয় । মটৰ চাইকলৰে পশ্চিমবংগৰ পৰা গাঞ্জা সৰবৰাহ কৰোতে ধৰা পৰে লোকজন।

জানিব পৰা মতে এএছ ১৬ এন ৭৬৬৯ নম্বৰৰ মটৰ চাইকেল খনৰে পশ্চিম বংগৰ পৰা আহি থাকোতে আগমনীৰ গৰেৰহাটত ইৰিক্সাৰ লগত খুন্দাখাই পথ দুৰ্ঘটনাত পতিত হয়। ইফালে গাওঁ খনৰ মানুহ আহি দুৰ্ঘটনাগ্ৰস্ত বাহন খনত গাঞ্জা থকা বুলি সন্দেহ কৰে । ইয়াৰ পিছতে আগমনী থানাত খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ বাইক আৰোহীৰ পৰা ১.৪ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। লগতে গাঞ্জা সৰবৰাহ কাৰীক আটক কৰে আৰক্ষীয়ে । ধৃত যুৱকজনৰ নাম ৰফিকুল সেখ আৰু তেওঁৰ ঘৰ কোকৰাঝাৰৰ হাকামাত বুলি কোৱা হৈছে । জানিব পৰা মতে যিখন টোটোৰ লগত সংঘৰ্ষ হৈছিল, সেই ই–ৰিক্সাখন পলাই যাবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande