
হোজাই, ২৮ নৱেম্বৰ (হি.স.): লামডিঙত সক্ৰিয় হৈ আছে চাইবাৰ চক্ৰ । এইবাৰ মোবাইল পেমেণ্ট এপত ৰখা ধনক লক্ষ্য কৰি চাইবাৰ অপৰাধীৰ কু-অভিপ্ৰায়ৰ দৃষ্টিত এতিয়া পৰিছে ৰেলৱে চহৰ লামডিং ।
জানিব পৰা মতে, ফোন পে'ৰ জৰিয়তে বিজয় কুমাৰ গৌৰৰ একাউণ্টৰ পৰা প্ৰায় লাখ টকা লুটি নিয়া হয় । এই ঘটনাৰ পিছত অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত বিজয় কুমাৰ গৌৰ নামৰ ব্যক্তি জনে লামডিং আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । এই চক্ৰৰ সৈতে এটা ডাঙৰ চক্ৰ জৰিত থকাৰ সন্ধেও কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । প্ৰৱঞ্চকে কেনেদৰে এই টকা লুটিলে, সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ