হাইস্কুলৰ ভুৱা প্ৰমাণ পত্ৰ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ তিনি অভিযুক্ত
গুৱাহাটী, ২৭ নৱেম্বৰ (হি.স.)। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) দশম শ্ৰেণীৰ ভুৱা প্ৰমাণ পত্ৰ বিক্ৰী কৰাৰ অভিযোগত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ে ঘোষণা কৰে যে এই গোচৰত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা
असमः फर्जी हाईस्कूल का सर्टिफिकेट बेचने के आरोप में गिरफ्तार तीन आरोपितों की तस्वीर।


গুৱাহাটী, ২৭ নৱেম্বৰ (হি.স.)। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) দশম শ্ৰেণীৰ ভুৱা প্ৰমাণ পত্ৰ বিক্ৰী কৰাৰ অভিযোগত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

শুকুৰবাৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ে ঘোষণা কৰে যে এই গোচৰত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। দশম শ্ৰেণীৰ ভুৱা চাৰ্টিফিকেট কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্জাম (চিআইএছচিই)ৰ বুলি জানিব পৰা গৈছে। ভুৱা তথ্য প্ৰদান আৰু পৰীক্ষাৰ নথি ৰচনা কৰাৰ অভিযোগৰ ভিত্তিত চি আই ডি থানাত গোচৰ ৰুজু কৰা হৈছে।

মৰিগাঁও জিলাৰ জাগীৰোডত বাস কৰা ভাৰত গৌৰ, বৰপেটা জিলাৰ নিবাসী দীপ কুমাৰ সৰকাৰ আৰু অভয়াপুৰী নিবাসী উৎপল দাস। তিনিওজনৰ বিৰুদ্ধে ধনৰ বিনিময়ত দশম শ্ৰেণীৰ ভুৱা পাছৰ প্ৰমাণ পত্ৰ বিক্ৰী কৰাৰ অভিযোগ। চি আই ডিয়ে তিনিওজনৰে ব্যাপক জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande