বিলাসীপাৰাৰ ৰঙামাটিত যোগান বিভাগৰ অভিযানত ৩৩২বস্তা চৰকাৰী সুলভ মূল্যৰ চাউল জব্দ
বিলাসীপাৰাৰ ৰঙামাটিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আকস্মিক অভিযান।
বিলাসীপাৰাৰ ৰঙামাটিত যোগান বিভাগৰ অভিযানত ৩৩২বস্তা চৰকাৰী সুলভ মূল্যৰ চাউল জব্দ


ধুবুৰী, ২৭ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰঙামাটিত খাদ্য আৰু অসামৰিক যোগান বিভাগে যোৱা কালি বৃহস্পতিবাৰে বিয়লি আকস্মিক অভিযান চলায় । অভিযানত বুজন পৰিমাণৰ চৰকাৰী সুলভ মূল্যৰ চাউল জব্দ কৰা হয় ।

ধুবুৰীত জিলা অতিৰিক্ত আয়ুক্ত আৰু বিলাসীপাৰাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দুজনকৈ পৰিদৰ্শকে নেতৃত্বত চলিছিল এই অভিযান।

অভিযানত আমবাৰী সমবায় সমিতিৰ অন্তৰ্গত ৰঙামাটি এটা অস্থায়ী গুদামত পৰা ৩৩২বস্তা প্ৰায় ১৫০ কুণ্টল সুলভ মূল্যৰ চাউল জব্দ কৰে । চাউল খিনি জব্দ কৰি আঠানি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগে । আমবাৰী সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই চোৰাং বেহাত কোন কোন জড়িত সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande