চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে শালকোচা আৰক্ষীৰ অভিযান
চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে শালকোচা আৰক্ষীৰ অভিযান।
চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে শালকোচা আৰক্ষীৰ অভিযান


ধুবুৰী, ২৬ নৱেম্বৰ (হি.স.): চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে যোৱা কালি বুধবাৰে নিশা শালকোচা আৰক্ষীৰ অভিযান চলে । অভিযানত জব্দ কৰা হয় ২ টাকৈ চোৰাং গৰু। নুনমাটিৰ গাওঁ খনৰ পৰা শালকোচা আৰক্ষীয়ে খেদি খেদি জব্দ কৰে গো-ধন কেইটা।

প্ৰাপ্ত তথ্যমতে আন্ধাৰৰ সুযোগ লৈ গো-ধন সমূহ ব্ৰহ্মপুত্ৰ নদীত পেলাই দি পলায়ন কৰে ছুৰমান আলী আৰু ইয়াছিন আলী নামৰ সৰবৰাহকাৰী দুটাই ।আৰক্ষীয়ে জব্দ কৰে গো ধন কঢ়িওৱা বলেৰো বাহন এখন । জব্দ কৃত বলেৰো বাহন খনৰ নম্বৰ এএছ ২৫ ডিচি ৭৩৮৫ বুলি কোৱা হৈছে। গো মাফিয়াই কোকৰাঝাৰ জিলাৰ পৰা বিলাসীপাৰা, শালকোচা, টিলাপাৰা আদি অঞ্চলৰ ভিতৰুৱা পথে দি বাংলাদেশ লৈ সৰবৰাহ কৰে চোৰাং গৰু । সম্প্ৰতি জব্দ কৰা গো-ধন সমূহ শালকোচা আৰক্ষী চকীত ৰাখি গো মাফিয়াৰ ছুৰমান আলী আৰু ইয়াছিন আলীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে শালকোচা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande