
ধুবুৰী, ২৪ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চহৰত নিষিদ্ধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলিব ধৰিছে ।
অভিযানত চহৰৰ খনৰ ৭ নং ৱাৰ্ডস্হিত কুকুৰিপাৰাৰ পৰা যোৱা কালি সোমবাৰে সন্ধিয়া আটক কৰে ১২ জন লোকক। নিষিদ্ধ জুৱা খেলি থকা অৱস্থাতেই হাতে-লোটে আটক কৰে জুৱাৰী কেইজনক । দীৰ্ঘদিন ধৰি কুকুৰিপাৰা অঞ্চলত একাংশ লোকে মুকলিকৈ চলাই আহিছিল নিষিদ্ধ জুৱাৰ খেল । জুৱা খেলৰ ফলত অঞ্চলটোত বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাই অহাৰ অভিযোগ উত্থাপিত হৈছিল ।
জুৱা আৰু অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে বিলাসীপাৰা আৰক্ষীয়ে চলাইছিল এই অভিযান । চহৰখনৰ ৭ নম্বৰ ৱাৰ্ডৰ কুকুৰীৰপাৰত আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীৰ জালত পৰে ৰমজান আলী, খয়বৰ আলী, মানিক সেখ, ৰফিকুল ৰহমান, আবুল হাছান, ইয়াছিন আলী, ছামাদ আলী, মুক্তাৰ আলী, কালু সেখ, নিৰ্মল দাস, ইছমাইল সেইখ আৰু জাহিদুল আলী নামৰ লোক কেইজন । ধৃত জুৱাৰী কেইটাৰ পৰা নগদ ধনৰ লগতে বহু সংখ্যক তাচ পাত উদ্ধাৰ কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে ধৃত জুৱাৰী কেইটাৰ আটাইৰে ঘৰ বিলাসীপাৰা চহৰৰ কুকুৰীপাৰত বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ