ধুবুৰীত চহৰত য়াবা টেবলেটসহ ৫জন গ্ৰেপ্তাৰ
ধুবুৰীত চহৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।
ধুবুৰীত চহৰত য়াবা টেবলেটসহ ৫জন গ্ৰেপ্তাৰ


ধুবুৰী, ২৪ নৱেম্বৰ (হি.স.): ধুবুৰীত চহৰত ড্ৰাগছৰ ভয়াবহতা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত এই চক্ৰৰ বিৰুদ্ধে যোৱা কালি সোমবাৰে সন্ধিয়া আৰক্ষীৰ বৃহৎ অভিযান চলে । অভিযানত ২২২টা য়াবা টেবলেটসহ ৫জন লোকক গ্ৰেপ্তাৰ কৰা হয় । চহৰখনৰ নিউ ঘাটস্থিত মাদ্ৰাছা মোৰ এলেকাত অভিযান চলাই বৃহৎ সফলতা লাভ কৰে আৰক্ষীয়ে ।

ছৈফুল ইছলাম নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ২২২টা য়াবা টেবলেট।এই অভিযানত আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ইউছুফ আলী খান, ছৈফুল ইছলাম, মুকুল হুছেইন প্ৰমাণিক, আনিছুৰ ৰহমান আৰু ফিৰাজুল হক। আৰক্ষীৰ এই অভিযানৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।জব্দ কৰা য়াবা টেবলেটসমূহ ক'ৰ পৰা অনা হৈছিল, ড্ৰাগছৰ এই অবৈধ ব্যৱসায়ৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande