
ডিব্ৰুগড়, ২৫ নৱেম্বৰ (হি.স.): ডিব্ৰুগড় জিলাৰ টেঙাখাতত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ পিতৃকে হত্যা কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে পুত্ৰৰ বিৰুদ্ধে। যোৱাকালি মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । যোৱা কালি সন্ধিয়া টেঙাখাতৰ লেংৰাই দেওঘৰীয়া বাউৰী পট্টিত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা।
জানিব পৰা মতে, অঞ্চলটোৰ বাসিন্দা অধপ বাউৰী নামৰ লোকজনক তেওঁৰ নিজ পুত্ৰ বিশ বাউৰীয়ে হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰিয়েই অভিযুক্ত বিশ বাউৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি অভিযোগ উঠিছে । ইতিমধ্যে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত টেঙাখাত আৰক্ষীৰ দল উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । কি কাৰণত পুত্ৰই পিতৃক হত্যা কৰিলে, সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব । এই ঘটনাই লেংৰাই দেওঘৰীয়া বাউৰী পট্টি তথা সমগ্ৰ টেঙাখাত অঞ্চলত শোকৰ ছাঁ পেলোৱাৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ