
কোকৰাঝাৰ, ২৮ নৱেম্বৰ (হি.স.)। কোকৰাঝাৰত অনুষ্ঠিত হ’ব উত্তৰ-পূব ৰাষ্ট্ৰীয় গ্ৰন্থমেলা ২০২৬। বিটিচি চৰকাৰৰ উদ্যোগত আৰু উত্তৰ পুৱ পুথি প্ৰকাশন আৰু বিক্ৰেটা সন্থা( Publishers and Book Sellers Guild, Northeast-ৰ সহযোগত ১ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ নদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’ব উক্ত গ্ৰন্থমেলা।
গ্ৰন্থপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ আকৰ্ষণ হিচাপে থাকিব বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ গ্ৰন্থ প্ৰদৰ্শনী। ইয়াৰ উপৰি গ্ৰন্থমেলাত অনুষ্ঠিত হ’ব আলোচনা সত্ৰ, গ্ৰন্থ উন্মোচন, পেনেল আলোচনা আৰু বিভিন্ন সাংস্কৃতিক তথা সাহিত্যিক কাৰ্যসূচী। উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য, সংস্কৃতি আৰু জ্ঞানৰ আদান-প্ৰদানৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে এই গ্ৰন্থমেলা খন। গ্ৰন্থপ্ৰেমী ৰাইজৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনসাধাৰণকে গ্ৰন্থমেলা খনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ