শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান, খেদি খেদি কুখ্যাত অপৰাধীক আটক আৰক্ষীৰ
নকল সোণ আৰু অবৈধ অস্ত্ৰৰ কিনা-বেচাৰ গোচৰত দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল অভিযুক্ত কোকৰাঝাৰ, ২৮ নৱেম্বৰ (হি.স.)। অসম-বংগ সীমান্তৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এট
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান, খেদি খেদি কুখ্যাত অপৰাধীক আটক আৰক্ষীৰ


নকল সোণ আৰু অবৈধ অস্ত্ৰৰ কিনা-বেচাৰ গোচৰত দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল অভিযুক্ত

কোকৰাঝাৰ, ২৮ নৱেম্বৰ (হি.স.)। অসম-বংগ সীমান্তৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি অভিযান চলাই কুখ্যাত অপৰাধী সৰবেশ আলী আৰু আব্দুল জলিল শ্বেখক আটক কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে শ্ৰীৰামপুৰ বজাৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে সৰবেশ আলীৰ অৱস্থিতিৰ সম্ভেদ লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ চেষ্টা চলায় যদিও তেওঁ পলায়নৰ চেষ্টা কৰে। অৱশেষত আৰক্ষীয়ে খেদি খেদি তেওঁক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, সৰবেশ আলীৰ বিৰুদ্ধে নকল সোণৰ ব্যৱসায় আৰু অবৈধ অস্ত্ৰৰ কিনা-বেচাৰ সৈতে জড়িত থকাৰ অভিযোগত পূৰ্বৰে পৰা গোসাঁইগাঁও আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, দীৰ্ঘদিন ধৰি অভিযুক্তই নিজৰ বাসগৃহ এৰি আত্মগোপন কৰি আছিল। অৱশেষত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande