প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ উদ্যোগত হোজাইত নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত সজাগতা কাৰ্যসূচী অনুষ্ঠিত
গুৱাহাটী, ২৭ নৱেম্বৰ (হি.স.)। প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছএছবি), সোণাপুৰৰ ‘জি’ কোম্পানী, হোজাইৰ কাৰ্যক্ষেত্ৰত নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰথম বাহিনী এছএছবিৰ উপ-কমাণ্ডেণ্ট/কাৰ্যবাহী কমাণ্ডেণ্ট বী
প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ উদ্যোগত হোজাইত নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত সজাগতা কাৰ্যসূচী অনুষ্ঠিত


গুৱাহাটী, ২৭ নৱেম্বৰ (হি.স.)। প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল (এছএছবি), সোণাপুৰৰ ‘জি’ কোম্পানী, হোজাইৰ কাৰ্যক্ষেত্ৰত নাগৰিক কল্যাণ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

প্ৰথম বাহিনী এছএছবিৰ উপ-কমাণ্ডেণ্ট/কাৰ্যবাহী কমাণ্ডেণ্ট বীৰেন্দ্ৰ সিং মেহৰা মাৰ্গদৰ্শনত আজি উক্ত কাৰ্যসূচীৰ জৰিয়তে স্থানীয় ৰাইজক বেটি বচাও বেটি পঢ়াও অভিযান, বৃদ্ধাৱস্থা পেঞ্চন আঁচনি, ভাৰত কে বীৰ পৰ্টেল, সমগ্ৰ নিধি, যুৱতীসকলক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ এছ)ত যোগদান কৰিবলৈ উৎসাহিত কৰা আৰু চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন জনকল্যাণমূলক আঁচনি তথা ইয়াৰ অধীনত লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কৰা হয়।

ইয়াৰ উপৰি চাইবাৰ সুৰক্ষা সজাগতা কাৰ্যসূচী আৰু নিচামুক্ত ভাৰত অভিযানৰ অধীনতো ৰাইজক সজাগ কৰা হয়। কাৰ্যসূচীত উপস্থিত লোকসকলক চাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত থকাৰ উপায়, নিচাযুক্ত সামগ্ৰীৰ অপকাৰিতা আৰু এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে অৱগত কৰা হয়।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল স্থানীয় ৰাইজ, বিশেষকৈ মহিলা আৰু যুৱ প্ৰজন্মক চৰকাৰী জনকল্যাণমূলক আঁচনি, মহিলা সৱলীকৰণ, সামাজিক সুৰক্ষা, চাইবাৰ সুৰক্ষা আৰু নিচামুক্ত সমাজ গঢ়াৰ বিষয়ে সজাগ কৰা।

এনেধৰণৰ জনকল্যাণমূলক পদক্ষেপৰ জৰিয়তে প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰে স্থানীয় ৰাইজৰ কল্যাণ আৰু জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক স্থাপনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande