
ইটানগৰ, ২৭ নৱেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ আদি বানে কেবাং ইউনাইটেড নামৰ সংগঠনটোৱে প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্প (এছইউএমপি) সন্দৰ্ভত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। সংগঠনটোৱে উল্লেখ কৰে যে মুখ্যমন্ত্রী আৰু অৰুণাচল পূবৰ সাংসদ তপিৰ গাওৰ বক্তব্যৰ মাজত অমিল থকাৰ বাবেই প্রকল্পটোক লৈ জনসাধাৰণৰ উদ্বেগ বৃদ্ধি পাইছে৷
সংগঠনটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ২০২৪ চনত ইংকিঅং, বলেং, পাছিঘাট, আৰু ইটানগৰৰ ৰাইজক আশ্বাস দিছিল যে যদিহে ৰাইজে মথাউৰিটো নিবিচাৰে তেন্তে চৰকাৰে নিৰ্মাণ নকৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে, যদি জনসাধাৰণে মথাউৰিটো নিবিচাৰে, আমি ইয়াক নিৰ্মাণ নকৰো। সংগঠনটোৰ অভিযোগ যে সাংসদ টাপিৰ গাও, মন্ত্ৰী ওজিং চিং, আদি সম্প্ৰদায়ৰ একাংশ বিধায়কৰ বক্তব্যৰ পৰা জনবিৰোধিতা সত্ত্বেও মথাউৰি প্ৰকল্পটো আগবাঢ়ি যাব বুলি অনুমান কৰিব পাৰি।
সংস্থাটোৱে চৰকাৰক প্ৰশ্ন কৰিছে যে এই প্ৰকল্পটো ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে আগবাঢ়িছে নে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধৃতি দি। ইয়াত উল্লেখ কৰা হৈছে যে এই বিষয়ত ৰাজ্য চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে। সংগঠনটোৱে জনোৱা মতে, ১০ নৱেম্বৰত আয়ুক্ত (পূব) আমজাদ টক, ১৩ নৱেম্বৰত সাংসদ তাপিৰ গাও, আৰু ১৯ নৱেম্বৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ পত্ৰ লিখিছিল।এতিয়ালৈকে পোৱা সঁহাৰিয়ে সংগঠনটোৰ উদ্বেগক সম্বোধন কৰা নাই।
সংগঠনটোৱে উল্লেখ কৰে যে ২৬ নৱেম্বৰত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত সাংসদ তাপিৰ গাওৰ দুটা ভাষণৰ ভিডিঅ’ চোৱা হৈছিল। সংগঠনটোৰ মতে, পিছত সাংসদগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছে। অৱশ্যে সন্তুষ্ট নহয় সংগঠনটো। লগতে সাংসদগৰাকীৰ কথিত বক্তব্যক লৈ উদ্বেগ প্ৰকাশ কৰে যে যদি বৰ্তমানৰ প্ৰজন্মই এই প্ৰকল্পটো গ্ৰহণ নকৰে তেন্তে ভৱিষ্যত প্ৰজন্মই গ্ৰহণ কৰিব।
সংস্থাটোৱে উল্লেখ কৰে যে প্ৰস্তাৱিত প্ৰকল্পটোত আদি সম্প্ৰদায়ৰ পূৰ্বপুৰুষৰ ভূমি জড়িত হৈ আছে। গতিকে এই প্ৰকল্প সন্দৰ্ভত চৰকাৰে কি সিদ্ধান্ত ল’ব বিচাৰে সেয়া জনাৰ অধিকাৰ ৰাইজৰ আছে। ইয়াত মুখ্যমন্ত্ৰী, সাংসদ, আৰু অন্যান্য জনপ্ৰতিনিধিসকলক তেওঁলোকৰ বক্তব্য স্পষ্ট কৰি জনমতক সন্মান কৰিবলৈ আহ্বান জনোৱা হৈছে। সংগঠনটোৱে দৃঢ়তাৰে কয় যে ৰাজ্যৰ ভূমি আৰু ইয়াৰ ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যৰ জনসাধাৰণে চূড়ান্ত মতামত দিব লাগে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ