
নগাঁৱ, ২৭ নৱেম্বৰ (হি.স.)। নগাঁৱত পথ দুৰ্ঘটনাত মৃত্যু লাহৰীঘাটৰ এগৰাকী মেধাৱী ছাত্ৰৰ। মেধাৱী ছাত্ৰ গৰাকী যোৱা শুকুৰবাৰে নিশা নগাঁৱত বাইক দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত ততাতৈয়াকৈ গুৱাহাটী স্থিত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত যোৱা নিশা মেধাৱী ছাত্ৰ গৰাকীৰ মৃত্যু হয়।
মেধাৱী ছাত্ৰ গৰাকীক লাহৰীঘাটৰ ফলিহামাৰী পথাৰ গাঁৱৰ ৰাইম আহমেদ বুলি জানিব পৰা গৈছে। নগাঁৱত লেবৰেটৰী টেকনিচিয়ান পঢ়ি আছিল ছাত্ৰ গৰাকী। মেধাৱী ছাত্ৰ গৰাকীৰ পিতৃ ভাৰতীয় সেনা বাহিনীৰ এগৰাকী জোৱান আছিল। আজি পুৱা ৯:৩০ বজাত শ শ লোকৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন কৰা হয় মেধাৱী ছাত্ৰ গৰাকীৰ। মেধাৱী ছাত্ৰ গৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু