
তামুলপুৰ, ২৭ নৱেম্বৰ (হি.স.)। গোৰেশ্বৰত মটৰ পৰিবহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকা বন্ধক কেন্দ্ৰ কৰি উত্তেজনা সৃষ্টি ।
মটৰ পৰিবহন সন্থাই আবদ্ধ কৰে এএছটিচি বাছৰ লগতে কেইবা খনো বাহন । গাড়ীৰ লগতে আবদ্ধ হৈ পৰে বিদ্য়ালয় মহাবিদ্য়ালয়ৰ পৰিক্ষাৰ্থী সহ বহু যাত্ৰী ।
চৰকাৰী এএছটিচি ৰ চালক,যাত্ৰী আৰু মটৰ পৰিবহণ সন্থাৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । পৰৱৰ্তি সময়ত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় পৰিস্থিতি । ইপিনে বন্ধৰ প্ৰভাৱৰ বাবে হাৰাশাস্তিৰ সন্মুখিন হৈছে গোৰেশ্বৰৰ বহু যাত্ৰী ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু