
গুৱাহাটী, ২৭ নৱেম্বৰ (হি.স.)। আগন্তুক মটক স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ভোটাৰ তালিকা প্ৰস্তুত আৰু প্ৰকাশৰ বাবে এক অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি, পৰিষদখনৰ প্ৰতিটো সমষ্টিৰ বাবে সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াই ভোটাৰ তালিকা প্ৰস্তুত আৰু প্ৰকাশৰ ব্যৱস্থা কৰিব। এই ভোটাৰ তালিকাৰ যোগ্যতাৰ ভিত্তি তাৰিখ হ’ব ১ জানুৱাৰী, ২০২৬।
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে ২১ নৱেম্বৰ, ২০২৬ তাৰিখে জাৰি কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় অধিসূচনাৰ আধাৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগে ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে প্ৰকাশ কৰা আৰু বৰ্তমান বলৱৎ হৈ থকা বিধানসভাৰ ভোটাৰ তালিকাৰ সংশ্লিষ্ট অংশসমূহ মটক স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি অনুসৰি পৃথক কৰি খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হ’ব।
উল্লেখযোগ্য যে, অসম চৰকাৰে ২৩ নৱেম্বৰ, ২০২৬ তাৰিখে জাৰি কৰা এক নিৰ্দেশযোগে মটক স্বায়ত্তশাসিত পৰিষদ (নিৰ্বাচন) বিধি, ২০২১ৰ ১৬ নং নিয়মৰ উপ-নিয়ম (২)ৰ অধীনত দাবী আৰু আপত্তি দাখিলৰ বাবে নিৰ্ধাৰিত সময়সীমা হ্ৰাস কৰিছে।
আয়োগে প্ৰকাশ কৰা সময়সূচী অনুসৰি, ২৭ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ ভোটাৰ তালিকাৰ মাষ্টাৰ ডাটা প্ৰৱিষ্টিকৰণ আৰু সমষ্টিৰ সৈতে সংযোগ স্থাপনৰ কাম সম্পন্ন কৰা হ’ব। ২ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ ভোটাৰসকলক সংশ্লিষ্ট সমষ্টিত অন্তৰ্ভুক্ত বা বাদ দিয়াৰ জৰিয়তে ভোটাৰ তালিকা প্ৰস্তুত কৰা হ’ব। ৯ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। খচৰা তালিকাৰ বিৰুদ্ধে দাবী আৰু আপত্তি দাখিলৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। ২১ ডিচেম্বৰৰ ভিতৰত লাভ কৰা দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব আৰু ২২ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী