
যোৰহাট, ২৭ নৱেম্বৰ (হি.স.)। অসমৰ অন্যতম জাতীয় সংগঠন সমন্বয় অসমৰ আদৰণীয় পদক্ষেপ ।সমন্বয় অসমৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত তথা টীয়ক ই-ৰিক্সা চালক সন্থাৰ সহযোগত প্ৰতি শুক্ৰবাৰে পুৱা ৯ ৰ পৰা ১১ বজা পৰ্যন্ত বিনামূলীয়াকৈ টীয়ক হস্পিতাল তিনিআলিৰ পৰা টীয়ক এফআৰইউ লৈ ৰোগী তথা প্ৰসূতিক অনা-নিয়াৰ কৰিছে ব্যৱস্থা।
সংগঠনটোৰ বিষয়ববীয়া সকলে জানিব দিয়া অনুসৰি অহা যোৱা বিনামূলীয়াকৈ হ'লে দুখীয়া ৰোগী সকলৰ যথেষ্ট সহায় হ'ব। এয়া মাত্ৰ এক আৰম্ভণিহে অনাগত দিনত এইদৰে সাধ্য অনুসৰি ৰাইজৰ সুবিধাৰ্থে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে সমন্বয় অসমৰ টীয়ক আঞ্চলিক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু