লামডিং ৰে'লৱে ষ্টেচনৰ ফুড প্লাজা আৰু খাদ্য বিপণীত আকস্মিক পৰিদৰ্শন
হোজাই, ২৭ নৱেম্বৰ (হি.স.)। লামডিং ৰে''ল ষ্টেচনৰ ফুড প্লাজা আৰু খাদ্য বিপণীত আকস্মিক পৰিদৰ্শন। ৰে''ল যাত্ৰীৰ স্বাস্থ্য সুৰক্ষা, খাদ্যৰ গুণগত মান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাৰ লক্ষ্যৰে শুকুৰবাৰে লামডিং ৰে''ল ষ্টেচনৰ ফুড প্লাজা, মাল্টি পাৰ
লামডিং ৰে'লৱে ষ্টেচনৰ ফুড প্লাজা আৰু খাদ্য বিপণীত আকস্মিক পৰিদৰ্শন


হোজাই, ২৭ নৱেম্বৰ (হি.স.)। লামডিং ৰে'ল ষ্টেচনৰ ফুড প্লাজা আৰু খাদ্য বিপণীত আকস্মিক পৰিদৰ্শন। ৰে'ল যাত্ৰীৰ স্বাস্থ্য সুৰক্ষা, খাদ্যৰ গুণগত মান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাৰ লক্ষ্যৰে শুকুৰবাৰে লামডিং ৰে'ল ষ্টেচনৰ ফুড প্লাজা, মাল্টি পাৰ্পাছ ষ্টলসহ বিভিন্ন খাদ্য বিপণীত আকস্মিক পৰিদৰ্শন চলায় লামডিং মণ্ডলৰ বাণিজ্যিক বিভাগে।

ষ্টেচন চৌহদত থকা খাদ্য আৰু পানীয় বিক্ৰী কৰা বিভিন্ন বিপণীসমূহ পৰিদৰ্শন কৰি যাত্ৰী সকলক যোগান ধৰা খাদ্য সামগ্ৰীৰ গুণগত মান, সতেজতা আৰু খাদ্য সুৰক্ষাৰ নিৰ্ধাৰিত নিয়ম সমূহ পালন কৰা হৈছে নে নাই, সেই বিষয়ে পৰীক্ষা কৰা হয়। যাত্ৰী সকলৰ সুবিধা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লামডিং মণ্ডলৰ বাণিজ্যিক বিভাগৰ তত্ত্বাৱধানত এই পৰিদৰ্শন অভিযান চলোৱা হয়। ৰে'লযাত্ৰাৰ সময়ত যাত্ৰী সকলে যাতে নিৰাপদ আৰু স্বাস্থ্য সন্মত খাদ্য লাভ কৰে, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

পৰিদৰ্শনৰ সময়ত বিষয়া সকলে ষ্টেচনৰ বিভিন্ন বিপণীত বিক্ৰী কৰা শীতল পানীয়, পেকেটজাত খোৱাপানী, চিপছ, স্নেক্স আৰু অন্যান্য পেকেটজাত খাদ্য সামগ্ৰী পৰীক্ষা কৰে। ইয়াৰ উপৰি ফুড প্লাজাত পৰিৱেশন কৰা নিৰামিষ আৰু আমিষ আহাৰৰ গুণগত মান আৰু সতেজতাৰ বিষয়েও পৰ্যালোচনা কৰা হয়।

লামডিং মণ্ডলৰ জ্যেষ্ঠ মণ্ডল বাণিজ্যিক প্ৰবন্ধক শ্ৰী ধ্ৰুৱ জ্যোতি বৰ্মনৰ নিৰ্দেশনাত এই অভিযান চলোৱা হয়। সহকাৰী বাণিজ্যিক প্ৰবন্ধক শ্ৰী অবিনাশ কুমাৰ তাঁতীয়ে পৰিদৰ্শন দলটোৰ নেতৃত্ব দিয়ে। মুখ্য বাণিজ্যিক পৰিদৰ্শক শ্ৰী জি এন ৰাজু আৰু মুখ্য প্লেটফৰ্ম টিকট পৰিদৰ্শক (ভাৰপ্ৰাপ্ত) শ্ৰী ভজন মালাকাৰেও এই অভিযানত সহযোগিতা আগবঢ়ায়।

পৰিদৰ্শনকালত বিষয়াসকলে বিভিন্ন খাদ্য বিপণীৰ স্বত্বাধিকাৰী আৰু ফুড প্লাজাৰ পৰিচালনাৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। খাদ্য সামগ্ৰী ক্ৰয়, সংৰক্ষণ, প্ৰস্তুতকৰণ আৰু যাত্ৰীসকলক পৰিৱেশন কৰাৰ পদ্ধতিৰ বিষয়ে বুজ লোৱা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande