বৰপেটাৰোডৰ হটাপাৰাত চুৰিকাঘাতত নিহত যুৱতীৰ পৰিচয় উদ্ধাৰ; আৰক্ষীৰ তদন্ত আৰম্ভ
বৰপেটা, ২৭ নৱেম্বৰ (হি.স.)। বৰপেটাৰোডৰ হটাপাৰাত চুৰিকাঘাতত নিহত যুৱতীৰ পৰিচয় উদ্ধাৰ। আৰক্ষীৰ তদন্ত আৰম্ভ। বৰপেটাৰোডৰ হটাপাৰা এলেকাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক নৃশংস চুৰিকাঘাতৰ ঘটনাত মৃত্যুবৰণ কৰা যুৱতীগৰাকীৰ পৰিচয় অৱশেষত আৰক্ষীয়ে উদ্ধাৰ
বৰপেটাৰোডৰ হটাপাৰাত চুৰিকাঘাতত নিহত যুৱতীৰ পৰিচয় উদ্ধাৰ; আৰক্ষীৰ তদন্ত আৰম্ভ


বৰপেটা, ২৭ নৱেম্বৰ (হি.স.)। বৰপেটাৰোডৰ হটাপাৰাত চুৰিকাঘাতত নিহত যুৱতীৰ পৰিচয় উদ্ধাৰ। আৰক্ষীৰ তদন্ত আৰম্ভ।

বৰপেটাৰোডৰ হটাপাৰা এলেকাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক নৃশংস চুৰিকাঘাতৰ ঘটনাত মৃত্যুবৰণ কৰা যুৱতীগৰাকীৰ পৰিচয় অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিহত যুৱতীগৰাকী হাউলী থানাৰ অন্তৰ্গত বৰবালা গাঁৱৰ বাসিন্দা ৰেজিয়া খাতুন (২৮) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হটাপাৰাত দুৰ্বৃত্তৰ চুৰিকাঘাতত গুৰুতৰভাৱে আহত হৈ যুৱতীগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল। ঘটনাটোৰ পাছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল যদিও প্ৰথমাৱস্থাত যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাছিল। পাছত আৰক্ষীৰ তদন্তত তেওঁৰ ঘৰ হাউলীৰ বৰবালা গাঁৱত বুলি নিশ্চিত কৰা হয়।

ইফালে, এই হত্যাকাণ্ডৰ লগত জড়িত দোষীক কৰায়ত্ত কৰিবলৈ শিমলাগুৰি আৰক্ষীয়ে ইতিমধ্যে তৎপৰতাৰে অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande