
গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.)। কাজিৰঙাত আজি এক পুনৰ অঘটন সংঘটিত হয়। বোকাখাতৰ ট্ৰেফিক আইচি প্ৰবীণ কলিতাৰ চাৰ্ভিচ ৰিভলভাৰৰ গুলীত দুৰ্ঘটনাবসত গুলীবিদ্ধ আন এগৰাকী আৰক্ষী বিষয়া । জিলা আৰক্ষী বিভাগৰ তথ্য অনুসৰি আৰক্ষী বিষয়া কলিতাৰ চাৰ্ভিচ ৰিভলভাৰটো লক হৈ যোৱাত আনলক কৰিবলৈ চেষ্টা কৰাৰ সময়তে এখন চলন্ত বাহনৰ ভিতৰত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।
পিষ্টলটোৰ পৰা গুলী ওলাই সতীৰ্থ জয়ন্ত বুঢ়াগোহাঁইৰ হাতত আঘাট কৰিছিল। আহত বিষয়াজনৰ বাওঁহাতেৰে গুলীটো সোমাই গাড়ীখনৰ সন্মুখৰ উইণ্ডস্ক্ৰীণৰ মাজেৰে যোৱা বুলি জানিব পৰা গৈছে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত বিষয়া গৰাকীক কহঁৰা বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু