গোপাষ্টমী উৎসৱ উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ তল গেৰেকীৰ শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ গোশালাত গো-সেৱা
শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.): আজি গোপাষ্টমী উৎসৱ। প্ৰবাদ অনুসৰি আজিৰ দিনটোতে ভগৱান শ্ৰীকৃষ্ণই বলোৰামৰ লগত প্ৰথম গৰু চৰাবলৈ গৈছিল । সনাতন ধৰ্মাৱলম্বী লৈকে সকলে আধ্যাত্মিক আৰু সভক্তিৰে ভগৱান শ্ৰীকৃষ্ণই বলোৰামৰ লগত গৰু চৰাবলৈ যোৱা স্মৃতি ৰোমন্থনৰ বাবে
গোপাষ্টমী উৎসৱ


গোপাষ্টমী উৎসৱ


গোপাষ্টমী উৎসৱ


গোপাষ্টমী উৎসৱ


গোপাষ্টমী উৎসৱ


গোপাষ্টমী উৎসৱ


গোপাষ্টমী উৎসৱ


গোপাষ্টমী উৎসৱ


শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.): আজি গোপাষ্টমী উৎসৱ। প্ৰবাদ অনুসৰি আজিৰ দিনটোতে ভগৱান শ্ৰীকৃষ্ণই বলোৰামৰ লগত প্ৰথম গৰু চৰাবলৈ গৈছিল । সনাতন ধৰ্মাৱলম্বী লৈকে সকলে আধ্যাত্মিক আৰু সভক্তিৰে ভগৱান শ্ৰীকৃষ্ণই বলোৰামৰ লগত গৰু চৰাবলৈ যোৱা স্মৃতি ৰোমন্থনৰ বাবে গাই গৰুক মাতৃজ্ঞান কৰি প্ৰতি বছৰৰ কাতি মাহৰ শুক্লা পক্ষৰ অষ্টমী তিথিৰ দিনা গোপাষ্টমী উৎসৱ পালনৰ জৰিয়তে গাই গৰুক মাতৃ জ্ঞান কৰি অতি আধ্যাত্মিকভাবে গো-পূজা কৰি আহিছে।

আজি গোপাষ্টমী উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ তল গেৰেকীৰ শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ গোশালাত ভক্ত সকলে গো-পূজা কৰাৰ লগতে গৰুক ঘাঁহ, কল, ৰুটি, গুৰকে ধৰি খাদ্য খুৱাই গো-সেৱা কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে ১৯১১চনত স্থাপিত শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ ঠাকুৰ দেৱালয়ত ১৯৯৫ চনত মাত্ৰ ৫জনী গৰুৰে আৰম্ভ কৰা শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ গোশালাত বৰ্তমান গাই আৰু ষাড় গৰুকেধৰি ১৩৫টা গৰু মন্দিৰ কৰ্তৃপক্ষই লালন পালন কৰি আহিছে।

আজি গোপাষ্টমী উপলক্ষে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস প্ৰমুখ্যে বিশিষ্ট লোক সকল শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ গোশালাত অনুষ্ঠিত গোপাষ্টমী উৎসৱ অংশগ্ৰহণ কৰি গো-পূজা কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত গৰাকীয়ে ১৬গৰাকী গো-পালকক সম্বৰ্ধনা জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande