ড° মালিনী গোস্বামীলৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান 'সদস্যমহীয়ান',পাঁচগৰাকী যুৱ লেখকলৈ বিশেষ সাহিত্য সন্মান
শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.)। অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ ''সদস্যমহীয়ান'' সন্মান এইবাৰ প্ৰাচ্যতত্ত্বৰ বিদগ্ধ গৱেষক, পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য্য ড° মালিনী গোস্ব
পাঁচগৰাকী যুৱ লেখকলৈ


পাঁচগৰাকী যুৱ লেখকলৈ


পাঁচগৰাকী যুৱ লেখকলৈ


পাঁচগৰাকী যুৱ লেখকলৈ


শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.)। অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ 'সদস্যমহীয়ান' সন্মান এইবাৰ প্ৰাচ্যতত্ত্বৰ বিদগ্ধ গৱেষক, পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য্য ড° মালিনী গোস্বামীক প্ৰদান কৰা হয়। যোৰহাট জিলাৰ বিভিন্ন শাখা সাহিত্য সভাৰ সদস্যা সকলে পৰিৱেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত শিল্পী নন্দিতা বৰুৱাই এটি বৰগীত পৰিৱেশন কৰে।

অসম সাহিত্য সভাৰ অনুষ্ঠানটোত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে ভাষণ প্রসংগত কয়- ড° মালিনী গোস্বামীয়ে আজীৱন সংস্কৃত সাহিত্যৰ বৰপেৰাটো লুৰুকি লুৰুকি অসমীয়া সাহিত্যক সালংকৃতা কৰি প্ৰতিটো দিনেই জীৱনৰ শেষ দিন বুলি ভাবি পৰিশ্ৰমক বিজয়ী আত্মা বুলি গণ্য কৰাৰ কাৰণেই এই সফলতা।

উল্লেখ্য যে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত এই সন্মান প্রদানভঅনুষ্ঠানৰ পাছতে অসমৰ পাঁচগৰাকী কৃতীমান যুৱলেখক ড০ৰুবুল মাউত, ড০ মৃণাল কলিতা, শর্মিষ্ঠা প্রীতম, কৌশিক নন্দন বৰুৱা আৰু দুষ্যন্ত নৰহক 'সভাপতিৰ বিশেষ সাহিত্য সন্মান' প্রদান কৰা হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande