
শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.)। তেজপুৰ মাজগাঁও নিবাসী এগৰাকী অশীতিপৰ সৰবৰহী সমাজকৰ্মী তথা শোণিতপুৰ জিলাৰ ঘোঁৰামাৰীস্থিত হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত গোলাপ বৰাৰ সহধৰ্মিনী সোণেশ্বৰী বৰাই ৯০ সংখ্যক নিজৰ ওপজা দিনটোত সমাজলৈ উপহাৰ দিলে আত্মজীৱনীমুলক গ্ৰন্থ “ মন পছোৱা বা ।” উক্ত গ্ৰন্থত লেখিকাই বিংশ শতিকা আৰু একবিংশ শতিকাৰ সমাজ ব্যৱস্থাৰ বহুকেইটা দিশ চুই গৈছে৷
তেও জীৱনৰ এৰি অহা দিনবোৰৰ অভিজ্ঞতা, সংগ্ৰাম, অনুভূতি,আত্মসন্তুষ্টিক শব্দৰ মালাৰে গ্ৰন্থখনত সুন্দৰকৈ সজাই তুলিছে৷ মাতৃত্বৰ আচলেৰে চাৰি সন্তানক আৱৰি ধৰি কেনেকৈ জীৱন যুদ্ধত আগবাঢ়িলে, সেয়াও গ্ৰন্থ খনত বিশদভাৱে প্ৰকাশ পাইছে৷ জীৱনৰ বিয়লি বেলাত হাতত কলম তুলি লৈ এনেধৰণৰ সৃষ্টিশীল কৰ্মত লিপ্ত হোৱাটো এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰিছে সচেতন মহলে ৷
এইয়া নাৰী সমাজৰ বাবে এক প্ৰেৰণা আৰু সাহস ৷ নৱপ্ৰজন্মৰ বাবে জীৱন্ত দলিল৷ উল্লেখ্য যে ২০২২ চনত ক’ভিড কালত প্ৰতিষ্ঠা হোৱা “ অসম নন্দিনী ফেচবুক গ্ৰুপ ” ৰ তৰফৰ পৰা উক্ত অনুষ্ঠানত তেওক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা হয়৷ গ্ৰুপৰ সক্ৰিয় সদস্যা তেজপুৰ নিবাসী শিক্ষয়িত্ৰী বিউটি বেজবৰুৱা আৰু গুৱাহাটী নিবাসী লেখিকা প্ৰনীতা শৰ্মাই অনুষ্ঠানটোত উপস্থিত থাকি অসম নন্দিনী সোণেশ্বৰী দেৱীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে৷ শেষত পৰিয়ালৰ সদস্য -সদস্যা সকলৰ সহযোগত তেও জন্মদিনৰ কেক কাটোতেই অনুষ্ঠানটোৰ সামৰণি পৰে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ