তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপক ড০ মাধৱ চন্দ্ৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন
–এক্ট ইষ্ট পলিচি আৰু দক্ষিণ পূব এছিয়া শীৰ্ষক বিষয়ত আই এছ আৰণ্যক শইকীয়াৰ বিশেষ আলোকপাত –ভৌগোলিক সান্নিধ্যই স্বয়ংক্ৰিয়ভাৱে মানুহৰ মুক্ত আহ যাহ নিশ্চিত নকৰে --আৰণ্যক শইকীয়া –অধ্যাপক ড০ মাধৱ চন্দ্ৰ বৰা সোঁৱৰণী আন্ত:প্ৰতিষ্ঠানিক কুইজত তেজপুৰ
স্মাৰক বক্তৃতানুষ্ঠান


–এক্ট ইষ্ট পলিচি আৰু দক্ষিণ পূব এছিয়া শীৰ্ষক বিষয়ত আই এছ আৰণ্যক শইকীয়াৰ বিশেষ আলোকপাত

–ভৌগোলিক সান্নিধ্যই স্বয়ংক্ৰিয়ভাৱে মানুহৰ মুক্ত আহ যাহ নিশ্চিত নকৰে --আৰণ্যক শইকীয়া

–অধ্যাপক ড০ মাধৱ চন্দ্ৰ বৰা সোঁৱৰণী আন্ত:প্ৰতিষ্ঠানিক কুইজত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম স্থান লাভ

শোণিতপুৰ, ১৭ নৱেম্বৰ (হি.স.):

ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ এসময়ৰ অতি জনপ্ৰিয় তথা সৰবৰহী অধ্যাপক মাধৱ চন্দ্ৰ বৰাৰ স্মৃতি দিৱসৰ দিনটোত সোমবাৰে বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত স্কুল অৱ মেনেজমেন্ট চাইন্সেছৰ উদ্যোগত অনুষ্ঠিত অধ্যাপক মাধৱ চন্দ্ৰ বৰা স্মাৰক আন্তঃপ্ৰতিষ্ঠানিক কুইজ ২০২৬ আৰু অধ্যাপক মাধৱ চন্দ্ৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন হয় ।

অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অভিযন্তা অধ্যাপক বৰাৰ জীৱন, অৱদান আৰু চিৰযুগমীয়া আদৰ্শৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ তেজপুৰ বিশ্ববিদ্যালয়ে এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।

উল্লেখ্য যে ১৯৯৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন (Business Administration) বিভাগৰ অধ্যাপক আৰু মুৰব্বী হিচাপে যোগদান কৰা আৰু পৰৱৰ্তী সময়ত স্কুল অৱ মেনেজমেন্ট চাইন্সেছৰ প্ৰতিষ্ঠাপক ডীন (Dean) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।কালি স্মৃতি দিৱসৰ অনুষ্ঠানত এক্ট ইষ্ট পলিচী আৰু দক্ষিণ-পূব এছিয়া (Act East Policy and Southeast Asia) শীর্ষক বিষয়ত স্মাৰক ভাষণ প্ৰদান কৰে নগাঁও জিলাৰ জিলা আয়ুক্ত তথা এগৰাকী লেখক আৰণ্যক শইকীয়াই।অনুষ্ঠানত বক্তব্য ৰাখি আই এছ শইকীয়াই মন্তব্য কৰে যে দক্ষিণ-পূব এছিয়াৰ সৈতে এই অঞ্চলৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক অতি গভীৰ। তেখেতে কয় যে কেৱল ভৌগোলিক সান্নিধ্যই স্বয়ংক্রিয়ভাৱে মানুহৰ মুক্ত আহ-যাহ নিশ্চিত নকৰে। প্ৰযুক্তি তথা মানৱ মূলধনে কেনেকৈ এই সীমাবদ্ধতাসমূহ অতিক্ৰম কৰাত সহায় কৰিব পাৰে সেই বিষয়েও তেখেতে আলোকপাত কৰে। তেখেতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এক উদাহৰণ হিচাপে গেলেফু মাইণ্ডফুলনেছ চিটিৰ (GMC) কথাও উল্লেখ কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ সম-উপাচার্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে চিকিৎসা পর্যটন আৰু অন্যান্য আনুসংগিক ক্ষেত্রত সৃষ্টি হোৱা নতুন সুযোগসমূহৰ সন্ধান কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে লগতে কোনো এক প্রতিষ্ঠানক সফলতাৰে আগুৱাই নিবলৈ অনুশাসন আৰু ফলপ্রসূ নেতৃত্বৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আনহাতে এক্ট ইষ্ট-জনসাধাৰণ, অংশীদাৰিত্ব, সমৃদ্ধি বিষয়বস্তুৰ ওপৰত আধাৰিত আন্তঃপ্রতিষ্ঠানিক কুইজ প্রতিযোগিতাখন পৰিচালনা কৰে কুইজমাষ্টাৰ অধ্যাপক ত্রিদিব ৰঞ্জন শৰ্মাই। পৰিৱেশ বিজ্ঞান বিভাগৰ তাপস তালুকদাৰ আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ মানস জ্যোতি বৈশ্যৰে গঠিত তেজপুৰ বিশ্ববিদ্যালয়ৰ দলে ইয়াত প্রথম স্থান অধিকাৰ কৰে। দিব্যজ্যোতি শইকীয়া আৰু ৰৌনক নেৱাৰে প্রতিনিধিত্ব কৰা গহপুৰৰ শংকৰদেৱ শিশু নিকেতনে দ্বিতীয় স্থান লাভ কৰে, আনহাতে অভিলাষ গোস্বামী আৰু চিৰঞ্জীৱ নাথে প্রতিনিধিত্ব কৰা তেজপুৰ গুৰুকুল বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে।

ইয়াৰ পূৰ্বে ব্যৱসায় প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ ৰয়ে আদৰণী ভাষণ প্ৰদান কৰে, আনহাতে বিভাগটোৰ জ্যেষ্ঠ অধ্যাপক এম. কে. শর্মাই অধ্যাপক মাধৱ চন্দ্ৰ বৰাৰ জীৱন আৰু অৱদানৰ বিষয়ে পৰিচয় ডাঙি ধৰে। স্কুল অৱ মেনেজমেন্ট চাইন্সেছৰ ডীন অধ্যাপক শুভ্রাংশু শেখৰ চৰকাৰে বক্তাগৰাকীক চিনাকি কৰাই দিয়াৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। ভাষণৰ পিছতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়, য'ত উপস্থিত দর্শকসকলে বক্তাগৰাকীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰে । অনুষ্ঠানটিত অধ্যাপক ড০ মাধৱ চন্দ্ৰ বৰাৰ সহধৰ্মিনী, বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাও উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande