
মটৰ চাইকেলত অহা তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই লুটি নিলে ৪৮ হাজাৰ টকা
যোৰহাট, ১৭ নৱেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ লাহিং লক্ষী বাৰীত আজি দিন দুপৰতে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। জানিব পৰা মতে মটৰ চাইকেলত অহা তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই সত্যজিৎ দাস নামৰ এজন যুৱকৰ পৰা ৪৮ হাজাৰ টকা লুটি নিয়াৰ লগতে টকাৰ উপৰিও যুৱক জনৰ ম'বাইল ফোন আৰু স্কুটিৰ চাবিটোও লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো।
ঘটনা সম্পৰ্কত ইতিমধ্যে টীয়ক আৰক্ষী থানাত যুৱকজনে এক এজাহাৰ দাখিল কৰিছে। আনহাতে সত্যজিৎ দাস নামৰ যুৱকজনে জানিবলৈ দিয়া মতে নিজৰ ঘৰৰ ছাটাৰিঙৰ কাঠ আনিবৰ বাবে কিছু নিলগৰ এটা কাঠৰ মিল লৈ যোৱা অৱস্থাত, কিছু সময়ৰ বাবে ৰাষ্টাত ৰৈ থাকোঁতে মটৰ চাইকেলত অহা তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে হঠাৎ আক্ৰমণ কৰাৰ লগতে পিষ্টল দেখুৱাই নগদ ৪৮ হাজাৰ টকা লুটি নিয়ে। নগদ ৪৮ হাজাৰ টকা লুটি নিয়াৰ উপৰিও যুৱক জনৰ ম'বাইল ফোন আৰু স্কুটিৰ চাবিটোও লৈ উধাও হয় তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলটোৱে। দিন দুপৰতে সংঘটিত হোৱা এই ডকাইতি কাণ্ড ই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে টীয়কৰ আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু