লক্ষীপুৰত অবৈধ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক
গোৱালপাৰা, ১৬ নৱেম্বৰ (হি.স.)। অবৈধ গাঞ্জা সৰবৰহীকাৰী বিৰুদ্ধে গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষীৰ অভিযান অব্য়াহত আছে । শেহতীয়া অভিযানত অবৈধ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে । এক গোপন খৱৰৰ ভিত্তিত নিশা বগুৱান আৰক্ষীয়ে কোনাচিপাৰা গাঁৱত
লক্ষীপুৰত অবৈধ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক


গোৱালপাৰা, ১৬ নৱেম্বৰ (হি.স.)। অবৈধ গাঞ্জা সৰবৰহীকাৰী বিৰুদ্ধে গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষীৰ অভিযান অব্য়াহত আছে । শেহতীয়া অভিযানত অবৈধ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ।

এক গোপন খৱৰৰ ভিত্তিত নিশা বগুৱান আৰক্ষীয়ে কোনাচিপাৰা গাঁৱত অভিযান চলাই ১.৬২৭ কিলোগ্ৰাম গাঞ্জাসহ দুজন সৰবৰাহকাৰীক আটক কৰে । আটকাধীন সৰবৰাহকাৰী দুজন কোনাচিপাৰাৰ মাহমুদুল আলী আৰু কল্যাণপুৰৰ হানিফ উদ্দিন বুলি পৰিচয় পোৱা গৈছে ।

উল্লেখ্য় যে গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত অঞ্চলত অবৈধ গৰু সৰবৰাহ, গাঞ্জা সৰবৰাহ তথা বিভিন্ন বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে বগুৱান আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই আহিছে । শেহতীয়াকৈ চলিত নৱেম্বৰ মাহত বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা এক অভিযানত অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande