হোজাইত আৰক্ষীৰ ধন কাঢ়ি নিয়া দুই দুষ্কৃতিকাৰীক আটক
হোজাইত আৰক্ষীৰ এক সফল অভিযান।
হোজাইত আৰক্ষীৰ ধন কাঢ়ি নিয়া দুই দুষ্কৃতিকাৰীক আটক


হোজাই, ১৪ নৱেম্বৰ (হি.স.): হোজাইত আজি আৰক্ষীয়ে এক সফল অভিযান চলায়। হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মাৰাগৰ নেতৃত্বত আৰক্ষীয়ে হোজাইৰ পৰা ধন কাঢ়ি নিয়া দুজন দুষ্কৃতিকাৰীক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে অপৰাধত ব্যৱহাৰ কৰা বাইকখন আৰু কাঢ়ি নিয়া টকাখিনিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

আৰক্ষীৰ জালত পৰা চোৰ দুটাক নগাঁৱৰ বুলি চিনাক্ত কৰা হৈছে। ধৃত অভিযুক্ত দুটা হল ক্ৰমে আবু বক্কৰ ছিদ্দিক (৫৯ বছৰ) ঘৰ চিমলুগুৰি আৰু আলাল উদ্দিন (৩৮ বছৰ), ঘৰ হেৰাপট্টী। ঘটনাৰ বিবৰণি অনুসৰি, ভুক্তভোগী একলাছ আলী নামৰ লোকজনৰ হাতৰ পৰা হোজাই ধনীৰাম পথাৰ এনডি কাষৰ পৰা ৩০ হাজাৰ টকা চোৰ দুটাই কাঢ়ি লৈ গৈছিল । ইয়াৰ পিছত দুই দিনৰ মূৰতে হোজাই থানাৰ তৎপৰতাত আৰক্ষীয়ে নগাঁৱত অভিযান চলাই অভিযুক্ত দুজনক আটক কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande