হোজাইৰ আমলীপুখুৰী ডিমৰুপাৰাত ডকাইতি কাণ্ড
হোজাইৰ আমলীপুখুৰী ডিমৰুপাৰাত ডকাইতি কাণ্ড।
হোজাইৰ আমলীপুখুৰী ডিমৰুপাৰাত ডকাইতি কাণ্ড


হোজাই, ১৩ নৱেম্বৰ (হি.স.): হোজাই জিলাৰ আমলীপুখুৰী ডিমৰুপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । যোৱাকালি বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

জানিব পৰা মতে, ডবকাৰ পৰা ধান বিক্ৰী কৰি নগদ ১ লাখ ২২ হাজাৰ ৩৬০ টকা লৈ আহি থকা মজিবুৰ ৰহমান নামৰ লোকজনক লক্ষ্য কৰি লয় দুৰ্বৃত্তৰ এটা দলে । অভিযোগ অনুসৰি, দুখন বাইকত অহা চাৰিজনীয়া দলটোৱে ট্ৰেক্টৰ এখন উঠাব লাগে বুলি কৈ বাইকত উঠাই মজিবুৰ ৰহমানক ফুচুলাই লৈ যায় । পৰৱৰ্তী সময়ত দুৰ্বৃত্তৰ দলটোৱে ৰড আৰু লাঠীৰে আক্ৰমণ কৰি তেওঁৰ পৰা নগদ ধনখিনি কাঢ়ি লৈ যায় । ঘটনা সন্দৰ্ভত ইতিমধ্যে যোগীজান থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে । এজাহাৰত চাহৰাৰুল, জাভেদ, গুলজাৰ আৰু ইছলাম আহমেদ নামৰ লোকক অভিযুক্ত কৰা হৈছে । ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande