দৰঙৰ খাৰপেটীয়াত অবৈধ ভাবে চিকিৎসা চলাই অহা চিকিৎসক গ্ৰেপ্তাৰ
অসম ডায়েগনষ্টিক চেণ্টাৰৰ পৰা আতাউৰ ৰহমান নামৰ ডাক্তৰ জনৰ সৈতে আটক কৰে অসম ডায়েগনষ্টিক চেণ্টাৰৰ গৰাকী কুঁৱৰী পুখুৰী গাঁৱৰ নইনুদ্দিন আহমেদক।
দৰঙৰ খাৰপেটীয়াত অবৈধ ভাবে চিকিৎসা চলাই অহা চিকিৎসক গ্ৰেপ্তাৰ


দৰং, ১২ নৱেম্বৰ (হি.স.): দৰং জিলাৰ খাৰপেটীয়াত অবৈধ ভাবে চিকিৎসা চলাই অহা এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে । খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত অসম ডায়েগনষ্টিক চেণ্টাৰৰ পৰা আতাউৰ ৰহমান নামৰ চিকিৎসক জনৰ সৈতে যোৱা কালি বুধবাৰে বিয়লি আটক কৰে অসম ডায়েগনষ্টিক চেণ্টাৰৰ গৰাকী কুঁৱৰী পুখুৰী গাঁৱৰ নইনুদ্দিন আহমেদক ।

উল্লেখ্য় যে বাংলাদেশৰ পৰা এমবিবিএছ পাছ কৰি অহা চিকিৎসক গৰাকীয়ে বহু দিনৰ পৰা ডায়েগনষ্টিক কেন্দ্ৰত উপযুক্ত অৰ্হতা নোহোৱাকৈ ৰেডিঅ'লজিষ্ট বুলি ৰোগীৰ ৰিপৰ্টত স্বাক্ষৰ কৰি আহিছিল । অসম মেডিকেল কাউন্সিলৰ পৰা অভিযোগৰ পিছত খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে আটক কৰে চিকিৎসকজনক । আটক কৰা চিকিৎসকৰ জনৰ ঘৰ খাৰুপেটীয়াৰ মোল্লা পাৰা গাঁৱত বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande