
ধুবুৰী, ১০ নৱেম্বৰ (হি.স.): নিষিদ্ধ জুৱা খেলৰ বিৰুদ্ধে ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীয়ে বৃহৎ অভিযান চলায় । এই অভিযানত যোৱা কালি সন্ধিয়া ৮ টাকৈ জুৱাৰীক আটক কৰে আৰক্ষীয়ে ।
বিলাসীপাৰাৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাইছিল এই অভিযান। দীপাৱলীৰ গইনা লৈ বিভিন্ন প্ৰান্তত ঝাণ্ডি মুণ্ডাৰ জুৱাৰ খেল চলাই গৈছিল জুৱাৰী কেইটাই । জুৱাৰী কেইটা ক্ৰমে - ছফিয়ৰ ৰহমান, ৰাজু দাস, ৰজত বিশ্বাস, নাজিৰ আলী মণ্ডল, ছফিয়ৰ আলী মণ্ডল, মহিদুল ৰহমান আৰু বাবু আলী মণ্ডল বুলি পৰিচয় পোৱা গৈছে । আটাইকেইটা জুৱাৰীক আদালত হাজিৰ কৰোৱাই জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ