
দৰং, ০৯ নৱেম্বৰ (হি.স.): দৰং জিলাৰ খাৰুপেটীয়াৰ ইণ্ডিয়ান ল'জ এণ্ড হোমষ্টেত আৰক্ষীৰ অভিযান চলে । হোম ষ্টেৰ নামত খাৰুপেটীয়াত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপিত হৈছে । দেহ ব্যৱসায়ৰ লগত জড়িত যুৱতীৰ দ্বাৰা ব্যৱসায় চলোৱাৰ অভিযোগ উঠিছে। ধুলা থানাৰ অন্তৰ্গত খাৰুপেটীয়া টাউনৰ মাজমজিয়াত থকা ইণ্ডিয়ান ল'জ এণ্ড হোমষ্টেত আৰক্ষীৰ অভিযানত আটক কৰা হয় যুৱক-যুৱতী।
খাৰুপেটীয়া টাউনৰ মাজমজিয়াত অৱস্থিত ইণ্ডিয়ান ল'জ এণ্ড হোমষ্টে-ত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছত ৰবিবাৰ সন্ধিয়া চলে আৰক্ষীৰ অভিযান । অভিযোগ মতে সন্ধিয়া হ'লেই ভিৰ হয় অচিনাকি যুৱক যুৱতীৰ । এই কাৰ্যকলাপে অঞ্চলটোৰ সামাজিক আৰু শৈক্ষিক পৰিৱেশত বিৰূপ প্ৰভাৱ পেলোৱাৰো অভিযোগ কৰিছে একাংশই ।
যোৱাকালি সন্ধিয়া ধুলা আৰক্ষীয়ে ইণ্ডিয়ান ল'জ এণ্ড হোমষ্টেত চলোৱা অভিযানত মেনেজাৰ সহ তিনিগৰাকী যুৱক-যুৱতীক আটক কৰে । উল্লেখ্য যে, হোম ষ্টেৰ নামত উত্থাপিত দেহ ব্যৱসায়ৰ অভিযোগক লৈ অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চৰ্চা । ঘটনা সন্দৰ্ভত চলোৱা আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
উল্লেখ্য যে খাৰুপেটীয়াত কিছুদিন পুৰ্বেও আৰক্ষীয়ে অনুৰূপ ঘটনা সন্দৰ্ভত অভিযান চলাইছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ