
কোকৰাঝাৰ, ০৬ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষীৰ অভিযানত যোৱা কালি নিশা ৯টা গৰুসহ এখন চাৰিচকীয়া বাহন জব্দ কৰে ।
প্ৰাপ্ত তথ্য অনুসৰি, এএছ ১৯ এচি ৮৮৩৩ নম্বৰৰ এখন আলু পৰিবাহী চাৰিচকীয়া বাহন আৰক্ষীয়ে ৰখাই তালাচী চলোৱাত আলুৰ বস্তাৰ তলত লুকুৱাই অনা অৱস্থাত ৯টা গৰু উদ্ধাৰ কৰে। গৰু সৰবৰাহৰ এই কৌশল দেখি আৰক্ষীও আচৰিত হৈ পৰে। ইয়াৰ পিছতে আৰক্ষীয়ে বাহনখনৰ চালকসহ আন এজন যুৱকক আটক কৰে। আৰক্ষীয়ে অভিযান চলাই গৰু সৰবৰাহৰ অভিযোগত চিৰাজুল হক আৰু আব্দুল কাদেৰ জিলানী নামৰ দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োৰে ঘৰ অসমৰ অভয়াপুৰীত বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ধূপগুৰিৰ পৰা গৰু কেইটা অসমৰ অভয়াপুৰীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে বাহনখনত লৈ অহা হৈছিল।
ঘটনা সন্দৰ্ভত শিমুলটাপু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ